যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ চূড়ান্ত প্ৰতিবেদন আজি দাখিল কৰিলে সংসদত। আজিৰ দিনটোত সমগ্ৰ ৰাজ্যত বিধেয়কখনৰ বিৰোধিতা কৰি গ্ৰহণ কৰে তীব্ৰ আন্দোলন। ইফালে আকৌ বিধেয়কৰ বিৰোধিতা কৰি দিল্লীৰ সংসদ ভৱনৰ সন্মুখত কৃষক মুক্তিসহ ৭০টাকৈ জাতীয় সংগঠনৰ ১৩জন প্ৰতিনিধিয়ে নগ্ন প্ৰতিবাদ সাব্যস্ত কৰে। কাইলৈও বিধেয়কৰ বিৰুদ্ধে আছে প্ৰতিবাদী কাৰ্যসূচী।
সেই হিচাপে কাইলৈ সদৌ অসম ছাত্ৰ সন্থা সহিতে অসমৰ ৩০টাকৈ জনগোষ্ঠীয় ছাত্ৰ সংগঠনে পুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ আহ্বান জনাইছে ১১ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী। ইফালে আকৌ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন নেছ'ৱেও বিধেয়ক বাতিলৰ দাবীত আহ্বান জনাইছে ১১ ঘণ্টীয়া উত্তৰ-পূৰ্বাঞ্চল বন্ধ। আনহাতে, কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে মঙলবাৰৰ পৰা বিধেয়ক বাতিলৰ দাবীত গ্ৰহণ কৰিব অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী।
তাৰ ফলত অসমৰ পৰা ৰপ্তানি কৰা সকলো সামগ্ৰী বন্ধ কৰি দিব। সেই হিচাপত অসমৰ পৰা যোৱা কয়লা, খাৰুৱা তেল, বনজ সম্পদকে আদি কৰি সকলো সামগ্ৰীৰ ক্ষেত্ৰত গ্ৰহণ কৰিব অৰ্থনৈতিক অৱৰোধ। অৱশ্যে আগন্তুক ভোগালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি এই অৰ্থনৈতিক অৱৰোধৰ পৰা ৰেহাই দিছে খাদ্যসামগ্ৰীৰ ক্ষেত্ৰত। এই অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী কাইলৈৰ পৰা অনিৰ্দিষ্টকালৰ বাবে আৰম্ভ হ'ব বুলিও জানিবলৈ দিছে কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে।
আনহাতে, গুৰুত্বপূৰ্ণ কথা এই যে সদৌ অসম ছাত্ৰ সন্থাই ১০ বছৰৰ পাছত কাইলৈ আহ্বান জনাইছে অসম বন্ধৰ কাৰ্যসূচী। ইফালে অসম চৰকাৰ তথা প্ৰশাসনে কাইলৈৰ বন্ধ বিফল কৰাৰ বাবে তৎপৰ হৈছে বুলিও বিশেষ সূত্ৰ জানিব পৰা গৈছে। বন্ধ আৰু অর্থনৈতিক অৱৰোধ বিফল কৰাৰ বাবে আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
- Log in to post comments
- 29 views