নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবেদন জেপিচিয়ে সংসদত দাখিল কৰাৰ পাছতে মিত্ৰতাৰ পৰা ওলাই আহিল অসম গণ পৰিষদ। অসম গণ পৰিষদে মিত্ৰতা ভংগ কৰাৰ পাছতে বিভিন্নজনে অগপ দলৰ এই সিদ্ধান্তক আদৰণি জনাইছে। আদৰণি জনাই কৃষক নেতা অখিল গগৈয়ে কয় যে অসম গণ পৰিষদ বিজেপি দলৰ পৰা ওলাই অহাটো আদৰণীয়।
লগতে এতিয়াৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম গণ পৰিষদৰ লগত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি যাব বুলিও আশ্বাস দিয়ে। ইফালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে মিত্ৰতা ভংগ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অগপ দলৰ এই সিদ্ধান্ত আদৰণীয়।
মিত্ৰতা ভংগই বিজেপি যে পুনৰবাৰ অসম শাসন কৰিব নোৱাৰে সেয়া স্পষ্ট হৈছে বুলি উল্লেখ কৰে। ইফালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও অগপৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে অগপই এতিয়া জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰামত চামিল হব লাগে। ৰাজনৈতিক সমীকৰণৰ কথা আমি এতিয়া নাভাবো।
কিন্তু জাতি ৰক্ষাৰ খাতিৰত আমি সকলোৱে ঐক্যবদ্ধ হৈ আন্দোলন কৰিব লাগে। লগতে তেওঁ চন্দ্রমোহন পাটোৱাৰী, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ যদি বিধেয়ক গৃহীত কৰাত সহমত নাথাকিল হয় তেন্তে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত নকৰিলেহেঁতেন বুলিও উল্লেখ। আনহাতে, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো অগপৰ এই সিদ্ধান্তক আদৰণি জনাইছে।
- Log in to post comments
- 48 views