চাৰি বছৰে অসমীয়াৰ আবেগ 'অসম চুক্তি' কথা ভাবিব নোৱাৰা কেন্দ্ৰীয় মোডী চৰকাৰে হঠাৎ চেতনা পালে যে অসম চুক্তি কাৰ্যকৰি কৰিব লাগে বুলি। কেন্দ্ৰৰ মোডী চৰকাৰখনৰ অসমীয়াৰ আবেগ জড়িত হৈ থকা "অসম চুক্তি" খনৰ সন্দৰ্ভত নূন্যতমো আন্তৰিকতা নাই। কাৰণ আন্তৰিকতা থকা হ'লে 'অসম চুক্তি'ৰ ছয় নম্বৰ দফা কাৰ্যকৰি কৰিবলৈ পুনৰ কমিটি গঠন কৰিম বুলি উল্লেখ নকৰিলেহেঁতেন এই গুৰুত্বপূৰ্ণ মন্তব্য আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।
কেন্দ্ৰীয় চৰকাৰে ২ জানুৱাৰী দিনা অসম চুক্তি ছয় নম্বৰ দফা কাৰ্যকৰি কৰিব বাবে পুনৰ যি কমিটি গঠন কৰিব বুলি লোকসভা নিৰ্বাচনৰ প্ৰাক্মুহূৰ্তত অসমীয়াক আভোৱা ভাৰিবলৈ ঘোষণা কৰিছে তাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আজি গুৱাহাটী ছহিদ ন্যাসত আয়োজন কৰে এক গুৰুত্বপূৰ্ণ সংবাদমেল। উক্ত সংবাদমেলত উপস্থিত থাকে আছু সাধাৰণ সম্পাদক লোৰিণজ্যোতি গগৈ, সভাপতি দীপাংকৰ নাথ আৰু মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য।
গুৰুত্বপূৰ্ণ সংবাদমেলখন সম্বোধন কৰি আছু উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে অসম চুক্তি ছয় নম্বৰ দফা কাৰ্যকৰীৰ কৰি অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচ দিয়াটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দায়িত্ব, সেয়া আমাক লাগিবই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে পূৰ্বৰ কমিটি ভংগ কৰি আকৌ নতুন কমিটি গঠন কৰিব। কাৰণ এই সম্পূৰ্ণ বিষয়টো ওপৰত ইতিমধ্যে ১৯৯৮ চনতে সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ যুটীয়া সচিব জি কে পিল্লাইৰ অধ্যক্ষ পাতি গঠন কৰি দিছে এই সমগ্ৰ বিষয়ৰ ওপৰত এখন কমিটি।
য'ত নেকি কেন্দ্ৰীয় চৰকাৰৰ ৪জন, অসম চৰকাৰৰ ৩জন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৩জন প্ৰতিনিধি আছেই। সেই কমিটিখনে কেইবাবাৰো সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰিছিল৷ সেই আলোচনাত আছুয়ে বিধানসভা, নিগম-নিকায় আদিত খিলঞ্জীয়াৰ বাবে সম্পূৰ্ণ আসন ১৯৫১ চনৰ ভিত্তি সংৰক্ষণ হ'ব লাগে বুলি দাবী জনাইছিল।
সেই দাবীৰ প্ৰতি কমিটিখনে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ১৯৫১ চনৰ ভিত্তিত অসম চুক্তি ছয় নম্বৰ দফা কাৰ্যকৰি কৰিব বুলি। ইফালে গুৰুত্বপূৰ্ণ কথা এই যে এই সন্দৰ্ভত অধ্যক্ষ জি কে পিল্লাই খিলঞ্জীয়া মানুহৰ বাবে যে সংসদ, ৰাজ্যসভা, স্থানীয় নিকায়ত যথুপযুক্ত আসন সংৰক্ষণ হ'ব লাগে বুলিও পৰামর্শ দিছিল।
ইয়াৰ উপৰিও পাছৰ আলোচনাত এই বিষয়েও আলোচনা কৰা হৈছিল যে অসমীয়া খিলঞ্জীয়াৰবাবে সংৰক্ষিত আসন কিমান হ'ব। এই সকলোবিলাক ইতিমধ্যে শেষ হৈছে আৰু এই সকলোবোৰ কথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাল দৰে জানে। কাৰণ তেওঁ সেই সময়ৰ কমিটিখনৰ সদস্য আছিল আছুফালৰ পৰা। কিন্তু তাৰ পাছত কিহৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি ছয় নম্বৰ দফা কাৰ্যকৰি কৰিব বাবে কমিটি গঠন কৰিব বুলি ঘোষণা কৰিছে৷ সংবাদমেলতে আছু নেতৃত্বই কয় যে যিখন চৰকাৰে ৪ বছৰ দিন শাসনত থাকি অসম চুক্তি কথা ভাবিবলৈ সময় নহ'ল সেইখন চৰকাৰে লোকসভালৈ ৩-৪ মাহ থকা অৱস্থাত অসম চুক্তি ছয় নম্বৰ দফা কাৰ্যকৰি কৰিবলৈ কমিটি গঠন কৰিম বুলি কোৱাটো চৰকাৰখনৰ যে এক নিৰ্বাচনৰ প্ৰতিশ্ৰুতি তাক বুজিবলৈ বাকী নাই।
ইয়াৰ উপৰিও সংবাদ মেলতে আছু সভাপতি দীপাংকৰ নাথে কয় যে কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিলৈ বিপদ নমাই অনা ভয়ংকৰ বিধেয়ক সংসদত উত্থাপন কৰিবলৈ লোৱা পাছতেই এতিয়া সমগ্ৰ অসমবাসীয়ে চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰাৰ উমান পাই এয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অসমবাসীক শান্ত কৰাৰ এটা টোপ বুলিও অভিহিত কৰে। সেই বাবে আছু নেতৃত্বই সমগ্ৰ অসম বাসীক আহ্বান জনায় কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই মিছা প্ৰতিশ্ৰুতিত যাতে ভুল নাযায়।
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰি আছু উপদেষ্টাগৰাকীয়ে কয় যে অসম চুক্তি ৰূপায়ণ কৰাৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ। এই কথাটো গুৰুত্ব দিয়াটো চৰকাৰৰ দায়িত্ব৷ নতুন কমিটি গঠন নকৰি পূৰ্বৰ পিল্লা কমিটিৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবেও কঠোৰভাৱে সকীয়াই দিয়ে। ইয়াৰ উপৰি এই সংবাদমেলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰে আছু নেতৃত্বই তেওঁলোকে কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোট ভিক্ষা কৰোতে যিজন মানুহে ১৬ মে'ৰ পাছত বাংলাদেশীয়ে অসম এৰিব লাগিব বুলি ঘোষণা কৰিছিল সেইজন মানুহে আজি ৪বছৰে বাংলাদেশী বিতাড়িত কৰাটো দূৰৰে কথা সম্পূৰ্ণ ছিল কৰিব নোৱাৰিলে ভাৰত বাংলা সীমান্ত।
তাতেই উমান কৰিব পাৰি মানুহজন যে কিমান মিছলীয়। এই কথা উল্লেখ কৰে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ইয়াৰ উপৰিও এই সংবাদমেলতেই আছু নেতৃত্বই প্ৰথমবাৰৰ বাবে ধন্যবাদ জনাই কংগ্ৰেছৰ সাংসদ তথা জেপিচি সদস্য ভুৱনেশ্বৰ কলিতাক। আছু নেতৃত্বই কয় যে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে কংগ্ৰেছৰ সাংসদজনে বৈঠকত আৰু সংবাদ মাধ্যমৰ আগত যি কথা সমগ্ৰ অসমবাসী বাবে সাহসে তুলি ধৰিলে তাৰ বাবে ভুৱনেশ্বৰ কলিতা ধন্যবাদৰ পাত্ৰ বুলিও অভিহিত কৰে।
- Log in to post comments
- 55 views