এতিয়া আমাক ফলাফল লাগে, প্ৰতিশ্ৰুতি নালাগে : প্ৰব্ৰজন বিৰোধী মঞ্চ

ো

দুটা নিৰ্বাচন প্ৰতিশ্ৰুতিয়ে পাৰ কৰিলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। আকৌ ২০১৯ লোকসভা নিৰ্বাচন বৈতৰণী পাৰ হ'বলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাই গ্ৰহণ কৰিছে প্ৰতিশ্ৰুতিৰ ৰাজনীতি। পূৰ্বৰ চৰকাৰৰ দৰে লোকসভা নিৰ্বাচনলৈ ৪-৫ মাহ থকা অৱস্থাত অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰি কৰিবলৈ পুনৰ গঠন কৰিছে কমিটি। এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়ক উপমন্যু হাজৰিকা।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়কগৰাকীয়ে কয় যে- পূৰ্বৰ পৰা আমি কৰি অহা দাবীসমূহ কাৰ্যকৰি কৰিব বুলি অসমৰ মেৰুদণ্ডহীন ৰাজ্য চৰকাৰখনক মনত পেলাই দিছে৷ এতিয়া তাক ৩১ জানুৱাৰী ভিতৰত কাৰ্যকৰী কৰি ফলাফল দিব লাগে। এতিয়া আমাক ফলাফল লাগে, প্ৰতিশ্ৰুতি নালাগে কাৰণ মণিপুৰ বিধানসভাই গ্ৰহণ কৰাৰ দৰে ১৯৫১ চনৰ ভিত্তিত খিলঞ্জীয়া অধিকাৰসমূহ সংৰক্ষণ কৰিব লাগে।

এই ক্ষেত্ৰত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰৰ আৰ্হিৰে অসম বিধানসভাই তৎকালীনভাৱে আইন প্ৰণয়ন কৰি কাৰ্যকৰি কৰিব লাগে। ইয়াৰ উপৰিও তেওঁ কয় যে কেৱল বিধানসভা ক্ষেত্ৰতেই আসন সংৰক্ষণ কৰিলেই নহ'ব ভূমি, চৰকাৰী চাকৰি, অন্যান্য সা-সুবিধাসমূহো সংৰক্ষণ কৰিব লাগে। তেওঁ কয় কেৱল বিধানসভা আসন সংৰক্ষণ কৰিলেই খিলঞ্জীয়া সুৰক্ষিত নহয় ।

ইয়াৰ উপৰিও উক্ত সংবাদ মেলতে তেওঁ কয় যে খিলঞ্জীয়াৰ ভোটত নিৰ্বাচিত হোৱা আমাৰ প্ৰতিনিধিৰসকল বাংলাদেশী প্ৰতি বেছি দৰদ। তেওঁ উক্ত সংবাদ মেলতে পুনৰ দাবী জনায় কয় যে খিলঞ্জীয়াৰ ৰক্ষা বাবে ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থা কৰিব লাগে। ঠিক একেদৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে। ইয়াত উপৰিও কেন্দ্ৰীয় চৰকাৰে যি অতিৰিক্ত প্ৰব্ৰজনকাৰী বুজা জাপি দিব ওলাইছে তাক তাক অতি সোনকালে পৰিত্যাগ কৰিব লাগে।

Your Comments