ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথমখন দলং শৰাইঘাটত মেলিছে বৃহৎ ফাট। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দলংখনত অঘটন। এই কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে উত্তৰ-পূব সীমান্ত ৰে'লৱেই দলংখন মেৰামতি কৰাৰ বাবে জাৰি কৰিছে জাননী।
সেই অনুযায়ী মাঘ বিহুৰ পাছৰ পৰা ৯০ দিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাটেৰে যাতায়ত ব্যৱস্থা। উক্ত তিনি মাহত ৰে'ল বিভাগে দলংখন মেৰামতি কৰিব বুলি উল্লেখ কৰিছে জাননীখনত৷
- Log in to post comments
- 323 views