ভয়ংকৰ দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল শিৱসাগৰৰ দিৰৈ দলঙৰ ওপৰত এখন ডাম্পাৰ  

w

শিৱসাগৰৰ দিৰৈৰ দুৰ্বল দলঙেৰে গৈ থকা অৱস্থাত ৰেলিং ভাঙি ওলমি ৰ'ল এখন ডাম্পাৰ । এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলা চেপন-চূণপোৰা পথত থকা দিৰৈ দলঙত। দিনৰ ১২ বজাত চেপনৰ দিশৰ পৰা চূণপোৰা অভিমুখে গৈ থকা এখন ডাম্পাৰে দলংখন অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । চূণপোৰা অভিমুখে গৈ থকা ডাম্পাখনৰ আগ চকাযোৰ দুৰ্বল দলংখনত ওলাই থকা বৃহৎ ফাঁকত সোমাই পৰে । কিন্তু চালকৰ তৎপৰতাৰ বাবে কথমপি নদীত সোমোৱা পৰা ৰক্ষা পৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বতে এই কাঠৰ দলংখনত সংঘটিত হৈ আহিছে বহুতো দুৰ্ঘটনা । কিন্তু কোনো গুৰুত্ব নাই স্থানীয় বিধায়ক তথা গড়কাপ্তানী বিভাগৰ । গুৰুত্বপূৰ্ণ কথা এই যে মাহমৰা, থাওৰা আৰু মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই দলংখন ২০০৪ চনতে পকীকৰণ কৰাৰ বাবে আধা শিলা স্থাপন কৰিছিল ৷ কিন্তু আজিও সম্পূৰ্ণ নহ'ল পকী দলংখনৰ কাম। 

তাৰ ফলত ভগ্নপ্ৰায় কাঠৰ দলংখনেৰেই বিপদ সংকুল যাত্ৰা কৰিব লগা হৈছে অঞ্চলটো জনসাধাৰণে । ইফালে অতি লক্ষ্যনীয় কথা এই যে মাহমৰা বিধানসভা সমষ্টি বিধায়ক যোগেন মহনে নিতৌ এই ভগা দলংখনেৰে অতিক্ৰম কৰিয়েই ঘৰলৈ অহা-যোৱা কৰে। কিন্তু কোনো গুৰুত্ব নাই  বিধায়কজনৰ । তাৰ ফলত এতিয়া চিন্তাত পৰিছে অঞ্চলটো জনসাধাৰণৰ। গড়কাপ্তানী বিভাগক অনুৰোধ জনাইছে যে অতি সোনকালে দুৰ্বল দলংখন পকীকৰণ কৰাৰ বাবে । 

Your Comments