কংগ্ৰেছ নহয়, ইতিহাস নজনা বিজেপিহে বেইমানৰ দল : প্ৰদ্যুৎ বৰদলৈ 

কংগ্ৰেছ নহয়, ইতিহাস নজনা বিজেপিহে বেইমানৰ দল : প্ৰদ্যুৎ বৰদলৈ 

"পাঁচ ৰাজ্যত ক্ষমতা হেৰুৱাই চিন্তাত পৰিছে বিজেপি দল । উপায়হীন হৈ লজ্জাজনকভাৱে সাধাৰণ পঞ্চায়ত নিৰ্বাচনত জয়ী হৈ দিল্লীত সংবাদমেল সম্বোধন কৰিছে অসমৰ বিজেপি চৰকাৰে । দেশৰ ৰাজনীতিত কেতিয়াও নোহোৱা-নোপোজা ঘটনা ঘটাইছে বিজেপি চৰকাৰখনে ।" এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ ।

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰীগৰাকীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু একালৰ একে দলৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে । উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী দিল্লীত এখন সংবাদমেল সম্বোধন কৰিছিল ।

কংগ্ৰেছ নহয়, ইতিহাস নজনা বিজেপিহে বেইমানৰ দল : প্ৰদ্যুৎ বৰদলৈ 

উক্ত সংবাদমেলত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কৈছিল যে কংগ্ৰেছ দলটো বেইমানৰ দল আৰু কংগ্ৰেছ দলটোৰ সভাপতি ৰাহুল গান্ধী মুখ্য মন্ত্ৰী হোৱাৰ যোগ্যতাও নাই । বিজেপি দলৰ মুখ্য মন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সেই মন্তব্যৰ পাছতে এতিয়া মুখ খুলিছে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে ।

সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি দলে হয়তো নাজানে কংগ্ৰেছ দলৰ ইতিহাসৰ কথা । যিটো দলৰ ১৩৩ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস আছে দেশৰ জনসাধাৰণৰ মাজত, সেই দলটোৰ ইতিহাস অধ্যয়ন কৰক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই । ব্ৰিটিছৰ কবলৰ পৰা দেশক স্বাধীন কৰাৰ পৰা জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে এক কৰা কংগ্ৰেছ দল যদি বেইমান হয় তেন্তে স্বাধীনতা আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ দৰে দেশৰ গুৰুত্বপূৰ্ণ আন্দোলনত ব্ৰিটিছক সমৰ্থন কৰা বিজেপি দলটোক কি দল হিচাপে ক'ব পাৰি সেয়া অসমৰ মানুহে জানে ।

আনকি তেওঁ এই বুলিও কয় যে যিসকল মানুহে ভাৰত ত্যাগ আন্দোলনক বিৰোধিতা কৰিছিল, সেইসকল লোকক আজি বিজেপি আৰু আৰ এছ এছে দেৱতাৰ দৰে জ্ঞান কৰে । তাতেই গম পোৱা যায় আচলতে বেইমান কোন হয় । যিয়ে দেশত ৰাজনীতিৰ নামত এতিয়া ধৰ্মীয় মেৰুকৰণ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচাৰিছে, সেই দলটো আজি বেইমানৰ দল নহয়নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ।

লগতে তেওঁ কয় যে কংগ্ৰেছ দলে দেশত বহুত দিন শাসন কৰিলে, কিন্তু কেতিয়াও পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ দিল্লীত সংবাদমেল সম্বোধন কৰি নাপালে বুলি উল্লেখ কৰে । ইয়াৰ উপৰি তেওঁ বিজেপি দলে মহাত্মা গান্ধী, বল্লভ ভাই পেটেলৰ দৰে মহান ব্যক্তিসকলক হাইজেক কৰি এতিয়া দীনদয়ালৰ নিচিনা ব্যক্তিক স্বাধীনতা আন্দোলনৰ নায়ক হিচাপে অভিহিত কৰিবলৈ বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

সংবাদমেলতে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে যিসময়ত অসমৰ মানুহে মুখ্যমন্ত্ৰীজনক জাতীয় নায়ক হিচাপে আখ্যা দি গৌৰৱ কৰিছিল, সেইজন মানুহে এতিয়া ক্ষমতাৰ লালসাত অৰুণ জেটলীৰ দৰে মানুহৰ ভৰিত ধৰিছে । জাতীয় নায়ক এতিয়া হৈ থকাটো বাদেই অসমৰ ইতিহাসৰ এতিয়া দ্বিতীয়জন বদন হ'বলৈ গৈ আছে বুলিও উল্লেখ কৰে ।

কংগ্ৰেছ নহয়, ইতিহাস নজনা বিজেপিহে বেইমানৰ দল : প্ৰদ্যুৎ বৰদলৈ 

ইফালে এই সংবাদমেলতে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে যিজন হিমন্ত বিশ্ব শৰ্মাক সাৰদা কেলেংকাৰী, লুইচ বাৰ্জাৰ কেলেংকাৰীৰ লগত জড়িত বুলি এদিন মুখ্য মন্ত্ৰীগৰাকীয়ে সমালোচনা কৰিছিল, এতিয়া সেই কেলেংকাৰীৰ মহানায়কবোৰকে আদৰি লৈছে ক্ষমতাৰ স্বাৰ্থত ।

এতিয়া সৰ্বানন্দ সোণোৱালে মুখত জাতি-মাটি-ভেটি ৰক্ষাৰ কথা ডিঙিৰ শিৰ ফুলাই ফুলাই কয়, কিন্তু কাষত লৈ ফুৰা মানুহবোৰক অসমীয়া জাতি নিঃশেষ কৰাৰ উৎসাহ যোগায় বুলিও তেওঁ উল্লেখ কৰে ।

এই সংবাদমেলতে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্য মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ স্বত্বছায়াতেই উজনি অসমৰ তিনিচুকীয়া জিলাত সংঘটিত হৈ আছে চোৰাং কয়লা ব্যৱসায় । তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড় জিলাৰ এছ পি, ডি এছ পি, বন বিভাগ এতিয়া সোণোৱালৰ হাতৰ মুঠিত বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

মুখ্য মন্ত্ৰীক প্ৰত্যাহ্বান জনাই আজি মুখ্য মন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে বুকুত হাত থৈ ক'ব পাৰিবনে যে তেওঁলোক কয়লা ছিণ্ডিকেটত জড়িত নহয় বুলিও উল্লেখ কৰে । অগপ দলকো তীব্ৰ সমালোচনা কৰে বৰদলৈয়ে । তেওঁ কয় যে অগপ দল এটা সুবিধাবাদী দল । যদি অগপ দলৰ আত্মসন্মান থাকিল হয় তেন্তে কেতিয়াবাই মিত্ৰতা ভঙ্গ কৰিলে হয় ।

আনকি পঞ্চায়ত নিৰ্বাচনত জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ বাবে নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱা বুলি এখন নাটক ৰচনা কৰিলে । কেন্দ্ৰীয় নেতৃত্বই ৰচনা কৰিছিল সেই নাটকখন, কিন্তু তৃণমূল পৰ্যায়ৰ কর্মীসকলে সঁচা বুলি ভাবি লৈছিল এই কথাটো বুলিও তেওঁ জাতীয় দলটোক সমালোচনা কৰে । এক কথাত ক'বলৈ গলে অগপ দলটোৱে তৃণমূল পৰ্যায়ৰ প্ৰকৃত কর্মীসকলক প্ৰতাৰণা কৰিছে বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে ।

Your Comments