সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ আৰু নাই ।
দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ শয্যশায়ী হৈ থকা শিল্পীগৰাকীৰ নেমকেয়াৰ হাস্পতালত আজি দিনৰ ১.২৫ত পৰলোকপ্ৰাপ্তি ঘটে ৷
বৰ্তমান নেমকেয়াৰত ৰখা হৈছে শিল্পীগৰাকীৰ নশ্বৰ দেহ ৷
অকলশৰীয়া হ'ল স্বামী তথা বিশিষ্ট চিত্ৰ শিল্পী নীলপৱন বৰুৱা ৷
দীপালী বাইদেউ অসমীয়া সংগীত জগতৰ ভোটাতৰা ৷
মৃত্যুৰ সময়ত দীপালী বৰঠাকুৰৰ বয়স আছিল ৭৭ বছৰ ।
১৯৪১ চনৰ ৩০ জানুৱাৰীত শিৱসাগৰ নীলমণি বাগানত জন্মগ্ৰহণ কৰিছিল বাইদেউৱে ।
নৱম শ্ৰেণীত পঢ়ি থাকোতেই দীপালী বৰঠাকুৰৰ কণ্ঠত বাণীবদ্ধ হৈছিল ৰুদ্ৰ বৰুৱাৰ ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’ শীৰ্ষক গীতটো।
১৯৯৮ চনত পদ্মশ্ৰী সন্মানেৰেও সন্মানিত হৈছিল শিল্পীগৰাকী ।
২০১০ চনত অসম চৰকাৰৰ শিল্পী বঁটাও লাভ কৰিছিল তেওঁ ।
ইয়াৰ উপৰি ২০১২ চনত আইদেউ সন্দিকৈ বঁটা লাভ কৰিছিল দীপালী বৰঠাকুৰে ।
তেওঁ অসমীয়া সংগীত জগতত আগবঢ়াই যোৱা অনবদ্য অৱদানৰ বাবে চিৰদিন অমৰ হৈ থাকিব ৷
'সোণৰ খাৰু নেলাগে মোক', 'চেনাই মই যাওঁ দেই', 'সময় পালে আমাৰ ফালে এবাৰ আহি যাবা', 'কণমান বৰশীৰে চিপ', 'জোনধনে জোনালীতে', 'আগলী কলাপাত', 'আহিলে পূজাৰে বেলা', 'বকুল বনত', 'ডালে ডালে গায়', 'যৌৱনে আমনি' আদি চিৰযুগমীয়া গীতত কণ্ঠ নিগৰাই প্ৰতিগৰাকী অসমীয়াৰ বুকুত স্থান লাভ কৰিবলৈ সক্ষম হোৱা দীপালী বাইদেউ দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি আছিল ৷
দীপালী বৰঠাকুৰৰ মৃত্যুত শোক প্ৰকাশ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
শোক প্ৰকাশ অভিনেতা যতীন বৰাৰ ৷
ইফালে শিল্পীগৰাকীৰ মৃত্যুত দুৰ্নীতি বিৰোধী যুৱ মঞ্চ, অসমেও গভীৰ শোক প্ৰকাশ কৰিছে ।
লগতে অসম চৰকাৰক শিল্পীগৰাকীৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰাৰো আহ্বান জনাইছে ।
আনহাতে, ৰাজ্যিক মৰ্যাদাৰে শনিবাৰে নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি মন্ত্ৰী নৱ দলেই ঘোষণা কৰিছে ৷
- Log in to post comments
- 184 views