১৪ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা

১৪ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা

১৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকে অনুষ্ঠিত হ'ব ২০১৮-১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ।

মুঠ ৮৫৭টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা ।

ৰাজ্যৰ মুঠ ৩ লাখ ৫৩ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰ মেট্ৰিক পৰীক্ষাত ।

উল্লেখ্য যে এইবাৰৰ মেট্ৰিক পৰীক্ষাত ছেবাই সংযোজন কৰিছে কিছুমান নতুন নিয়ম ।

সেই অনুসৰি পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব লাগিব ক'লা চিঁয়াহী ।

গণিত আৰু উচ্চ গণিতত পুনৰীক্ষণ ব্যৱস্থা নাথাকিব ।

প্ৰতিটো পৰীক্ষা কেন্দ্ৰত চিচি টিভিৰ সু-ব্যৱস্থা থকাটো বাধ্যতামূলক ।

নহ'লে বাতিল হব পৰীক্ষা কেন্দ্ৰ ।

অতিৰিক্ত কাগজ ল'লে ছাত্ৰ-ছাত্ৰীয়ে নিৰ্দিষ্ট কৰি দিয়া স্থানত লিখিব লাগিব ক্ৰমিক নম্বৰ ।

পৰীক্ষা নিয়ন্ত্ৰকে চমু স্বাক্ষৰৰ সলনি অতিৰিক্ত কাগজত কৰিব লাগিব সম্পূৰ্ণ স্বাক্ষৰ ।

প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে বাৰ ক'ড পদ্ধতি ।

Your Comments