পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ ২৭ ডিচেম্বৰত অগপৰ তৃণমূল কৰ্মীৰে পৰ্যালোচনা বৈঠক

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ অহা ২৭ ডিচেম্বৰত অগপৰ তৃণমূল কৰ্মীৰে পৰ্যালোচনা বৈঠক

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন অগপৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ । আমবাৰীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে দলটোৰ জ্যেষ্ঠ নেতা ক্ৰমে কমলা কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । লগতে এই সংবাদমেলত উপস্থিত থাকে দলটোৰ কর্মী মনোজ শইকীয়া আৰু ভালেকেইজন সদস্য ।

সংবাদমেল সম্বোধন কৰি কমলা কলিতাই পোন প্ৰথমে ধন্যবাদ জনায় দলটোৰ তৃণমূল পৰ্যায়ৰ কর্মীসকলক । যদিও অগপ দলটোৱে পঞ্চায়ত নিৰ্বাচনত আশা কৰা দৰে ফলাফল লাভ কৰা নাই, তৃণমূল পৰ্যায়ৰ কর্মীসকলে দলটোক আগবঢ়াই নিয়াৰ বাবে যথেষ্ট কষ্ট কৰিছে বুলি তেওঁ উল্লেখ কৰে । এই নিৰ্বাচনত সফলতা লাভ কৰা বাবে ভাৰতীয় জনতা পাৰ্টীকো অভিনন্দন জনায় ।

উল্লেখ্য যে অগপ দলটোৱে কি কাৰণত আশা কৰা মতে ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ল সেই সম্পৰ্কত দলে পৰ্যালোচনা কৰিছে বুলিও উল্লেখ কৰে সংবাদমেলত । আনহাতে, পঞ্চায়ত নিৰ্বাচনত আশা কৰা ধৰণে ফলাফল কিয় লাভ কৰিবলৈ সক্ষম নহ'ল সেই সম্পৰ্কত অহা ২৭ ডিচেম্বৰত দলৰ তৃণমূল পৰ্যায়ৰ কর্মীসকলক লৈ আমবাৰী মুখ্য কাৰ্যলয়ত এখন বৈঠক অনুষ্ঠিত হ'ব বুলিও জানিবলৈ দিয়ে ।

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ অহা ২৭ ডিচেম্বৰত অগপৰ তৃণমূল কৰ্মীৰে পৰ্যালোচনা বৈঠক

লগতে অতি কম সময়ৰ ভিতৰত দলটোৱে পঞ্চায়ত নিৰ্বাচন এককভাৱে খেলাৰ সিদ্ধান্ত লোৱাৰ বাবে এই ফলাফল হৈছে বুলি বহুতে অভিযোগ তোলা সন্দৰ্ভত তেওঁ কয় যে দলটোৱে এককভাৱে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে এবছৰ আগতেই সিদ্ধান্ত লৈছিল । এই ক্ষেত্ৰত সকলোৱে দলটোক এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰামৰ্শ দিছিল বুলিও তেওঁ উল্লেখ কৰে ।

সংবাদমেলতে অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যদিও দলটোৱে আশা কৰা ধৰণে ফলাফল লাভ কৰা নাই তথাপিও কিন্তু ১০২টা বিধানসভা সমষ্টিত দলটোৱে পূৰ্বতকৈ ভেটি অধিক দৃঢ় কৰিবলৈ সক্ষম হৈছে বুলি কয় । অগপৰ সাংগঠনিক ভেটি নথকা বহু সমষ্টিত অগপ দলৰ পতাকা এই পঞ্চায়ত নিৰ্বাচনত উৰুৱাবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে ।

১৬ ডিচেম্বৰত আমবাৰী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলটোৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে জিলাসমূহলৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত প্ৰতিবেদন বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । এই প্ৰতিবেদনসমূহ ২৭ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় নেতৃত্বৰ হাতত জমা দিবৰ বাবেও আহ্বান জনায় ।

এই প্ৰতিবেদনসমূহৰ ওপৰত ভিত্তি কৰিয়েই ২৭ ডিচেম্বৰৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু কয়, ক্ষমতাত যি থাকে তাৰ ফলাফল ভাল হোৱাটো স্বাভাৱিক ৷ কাৰণ জনসাধৰণে ক্ষমতাত থকা দলটোক জয়ী কৰাই আনিলেহে পঞ্চায়তত কাম হ'ব বুলি বিশ্বাস কৰে ।

সেই আশা কৰিয়েই জনসাধাৰণে বিজেপিক ভোট দিছে বুলি জনায় । ইফালে নৱপ্ৰজন্মক সুযোগ নিদিয়াৰ বাবে এই ফলাফল হৈছে বুলি ভাবেনেকি বুলি দলটোৰ দুই নেতাক সাংবাদিকে প্ৰশ্ন কৰাত তাক পোনচাটেই নস্যাৎ কৰি কয় যে দলটোত নতুন চামক সুযোগ দিয়া হৈছে । উদাহৰণ হিচাপে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি তেওঁলোক জয়ী হ'ব নোৱাৰিলে বুলিও উল্লেখ কৰে ।

আনহাতে, বহু যুৱক অগপ দললৈ ওলাই অহাটো দলটোৰ বাবে আশাব্যঞ্জক বতৰা বুলি কয় । লগতে ২০১৩ৰ তুলনাত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত যদিও আসন কম হৈছে, কিন্তু অগপ দলৰ ভোটৰ শতাংশ পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে বুলিও জানিবলৈ দিয়ে । সংবাদ মেলত ২০১৩ চনত দলটোৰ ভোটৰ শতাংশ ১০% আছিল বুলি জানিবলৈ দিয়ে ।

ইফালে আগন্তুক লোকসভা নিৰ্বাচন অকলে খেলিব নে বিজেপিৰ লগত মিত্ৰজোঁটত অৱতীৰ্ণ হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নত কমলা কলিতাই কয় যে লোকসভা নিৰ্বাচনলৈ সময় আছে । পৰ্যালোচনা কৰি দলে সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপই মিত্ৰতা ভংগ কৰিলেও কৰিব পাৰে বুলি কৰা মন্তব্য সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কমলা কলিতাই কয় যে কেন্দ্ৰৰ সৈতে অগপ দলৰ বিজেপিৰ লগত মিত্ৰতা হৈছে । গতিকে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰতা থাকিব নে ভংগ হ'ব ।

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ অহা ২৭ ডিচেম্বৰত অগপৰ তৃণমূল কৰ্মীৰে পৰ্যালোচনা বৈঠক

এই সম্পৰ্কত অমিত শ্বাহলৈ চিঠি প্ৰেৰণ কৰা হৈছে যদিও কোনো উত্তৰ অহা নাই বুলিও উল্লেখ কৰে । নাগৰিকত্ব সংশোধনী বিধেয়কে পঞ্চায়ত নিৰ্বাচনত প্ৰভাৱ পেলাব নোৱাৰিলে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে জাতীয় সমস্যাই লোকসভা আৰু বিধানসভাত প্ৰভাৱ পেলাব পাৰে ।

কিন্তু পঞ্চায়ত নিৰ্বাচনত স্থানীয় সমস্যাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয়, সেয়েহে ইয়াৰ প্ৰভাৱ পৰা নাই বুলি উল্লেখ কৰে । আনহাতে, সোমবাৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি কৃষকৰ ঋণ ৰেহাই দিয়া বিষয়টো ভাল কাম, ভাল সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে । ইফালে তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতলৈ গটোৱাৰ সিদ্ধান্ত সন্দৰ্ভত অগপ নেতৃত্বই কয় যে এই বিষয়টো আমি পূৰ্বৰে পৰা বিৰোধিতা কৰি আছো আৰু বিৰোধিতা কৰি যাম ৷

জিলা পৰিষদ গঠনৰ বেলিকা বিজেপিৰ লগত বুজাবুজি হ'বনেকি বুলি সোধাত অগপ নেতৃবৃন্দই কয় যে জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত চিন্তা কৰিব । দলে যি বিচাৰে তাকেই হ'ব বুলিও উল্লেখ কৰে দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাই ।

Your Comments