অহা ২৫ ডিচেম্বৰত বিশেষকৈ উত্তৰ অসমৰ লখিমপুৰ, ধেমাজিবাসীৰ বাবে দিনটো অতি গুৰুত্বপূৰ্ণ । কাৰণ সেই দিনটোত বহু প্ৰত্যাখিত ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা বগীবিল দলংখন আনুষ্ঠানিকভাবে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে সেই বিশেষ দিনটোক লৈ ।
ৰেল আৰু গাড়ী দুয়োটা যাতায়তৰ সুবিধা কৰি নিৰ্মাণ কৰা দলংখন উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্ততে আন এটা ভাল খবৰ লৈ আহিছে ভাৰতীয় ৰেল বিভাগে । কাৰণ প্ৰথম অৱস্থাত উক্ত ৰেল পথেদি ভাৰতীয় ৰেল বিভাগে চলাব দুখনকৈ ৰে'ল । এখন তিনিচুকীয়াৰ পৰা নাহৰলগুনলৈ আৰু আনখন তিনিচুকীয়াৰ পৰা উত্তৰ পাৰ হৈ ধুবুৰীলৈকে চলাব ৰে'ল ।
- Log in to post comments
- 67 views