ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ'ব ২০১৯ বর্ষ মেট্ৰিক পৰীক্ষাৰ । এতিয়াও নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰা নাই চেবাই । কিন্তু তাৰ পূৰ্বে ছেৱাই মেট্ৰিক পৰীক্ষাৰ সূচাৰূপে পৰিচালনা কৰাৰ বাবে জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নির্দেশ । সেই নিৰ্দেশ অনুযায়ী প্ৰতিটো পৰীক্ষাৰ কেন্দ্ৰত থাকিব লাগিব চি চি টি ভিৰ ব্যৱস্থা । চি চি টি ভিৰ ব্যৱস্থা নাথাকিলে অনুমতি নাপাব পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ বাবে ।
ইয়াৰ উপৰিও ক'লা চিয়াঁহীহে পৰীক্ষাৰ্থীসকলে ব্যৱহাৰ কৰিব লাগিব । ইফালে এই কেইদিনতে পৰীক্ষাৰ সময়সূচীও প্ৰকাশ কৰিব ছেৱাই। পৰীক্ষাৰ্থীয়ে অতিৰিক্ত পৃষ্ঠা ল'লে নিৰীক্ষকে স্বাক্ষৰৰ সলনি লিখিব লাগিব সম্পূৰ্ণ নাম । গণিত, উচ্চ গণিতত নাথাকিব ৰুলিং ব্যৱস্থা । চৰকাৰী বন্ধ তালিকা প্ৰকাশ নকৰাৰ বাবে এই পৰ্যন্ত ঘোষণা কৰা নাই মেট্ৰিক পৰীক্ষাৰ তাৰিখ । ৰাজ্য ৮৭৮টা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ । প্ৰত্যেক উত্তৰ বহীত থাকিব বাৰক'ডৰ ব্যৱস্থা ৷
- Log in to post comments
- 136 views