পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছৰ আত্মপক্ষ সমৰ্থনৰ প্ৰচেষ্টা

পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছৰ আত্মপক্ষ সমৰ্থনৰ প্ৰচেষ্টা

আজি তিনিদিন ধৰি সমগ্ৰ ৰাজ্যতে চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা । বহুসংখ্যকৰ ফলাফল ইতিমধ্যে ওলাইছে যদিও বহু গণনা কেন্দ্ৰত এতিয়াও চলি আছে ভোট গণনা কাৰ্য ।

তাৰ মাজতে আজি পঞ্চায়ত নিৰ্বাচনৰ বৰ্তমানলৈকে ঘোষিত হোৱা ফলাফলৰ ওপৰত ভিত্তি কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এখন সংবাদমেল সম্বোধন কৰে ভঙাগড়স্থিত ৰাজীৱ ভৱনত ।

উক্ত সংবাদমেলত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ক্ৰমে মুকুল শৰ্মা, দুৰ্গাদাস বড়ো, ববিতা শৰ্মা, প্ৰাক্তন মুখ্য মন্ত্ৰী ডঃ ভূমিধৰ বৰ্মন । সংবাদমেল সম্বোধন কৰি মুকুল শৰ্মাই বিৰোধীৰ আসনত থকাৰ পাছতো, বিজেপি দলৰ ধনবল-বাহুবলৰ বিপৰীতে কংগ্ৰেছ দলৰ চমকপ্ৰদ উত্থানৰ বাবে অসমবাসীক ধন্যবাদ জনায় ।

তেওঁ লগতে কয় যে বিজেপিয়ে জয়লাভ কৰিছে ঠিকেই, কিন্তু কংগ্ৰেছৰ গতি ৰুদ্ধ কৰিব নোৱাৰিলে বিজেপিয়ে । কাৰণ "দিছপূৰ যাৰ পঞ্চায়ত তাৰ" ৷ সেই হিচাপত কংগ্ৰেছ দলটো পঞ্চায়ত নিৰ্বাচনত নিশ্চিহ্ন হৈ যাব লাগিছিল । কিন্তু বাস্তৱত সেয়া নহ'ল । তাৰ পৰিৱৰ্তে কংগ্ৰেছ দলটোৰ বিৰোধীৰ আসনত থাকিও চমকপ্ৰদভাৱে উত্থানহে হৈছে ।

তেওঁ এই সংবাদমেলতে কয় যে ২০১৩ চনত যেতিয়া পঞ্চায়ত নিৰ্বাচন হৈছিল, সেই সময়ত চৰকাৰত আছিল কংগ্ৰেছ দল আৰু সেই হিচাপে 'দিছ্পুৰ যাৰ পঞ্চায়ত তাৰ' নীতিৰ আধাৰত কংগ্ৰেছে সমগ্ৰ ৰাজ্যখনত ৮০ শতাংশতকৈ অধিক আসন লাভ কৰিছিল । আৰু বৰ্তমান চৰকাৰত থকা বিৰোধী দলসমূহক ধূলিসাৎ কৰি দিছিল ।

কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত শাসনত থকা দলটোৱে ৫০% আসনো পোৱা নাই এই পৰ্যন্ত । তাৰ বিপৰীতে আজি দিনৰ ১২.২০লৈকে ওলোৱা ফলাফলৰ হিচাপত বিজেপি দলটোৱে ২৬.৭১%, কংগ্ৰেছ দলে ১৯.৪০%, এআইইউডিএফে ২.৩৩%, অগপ দলে ৪.৯৩% আৰু অন্যান্যই ৬.৪৩% শতাংশ আসন লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে ৷

তেওঁ লগতে এইবুলিও কয় যে ধনবল-বাহুবল, হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনৰ আচৰণবিধি কিছু কিছু ঠাইত উলংঘা কৰি, ভোটাৰক ভাবুকি প্ৰদান কৰি প্ৰচাৰ চলাইও কংগ্ৰেছতকৈ আসনত সামান্য ব্যৱধানতহে আগবাঢ়ি আছে বিজেপি দলটো । কংগ্ৰেছ দলৰ সাংসদ, বিধায়কৰ তুলনাত পঞ্চায়ত নিৰ্বাচনত এনে সফলতাত সংবাদ মাধ্যমসমূহৰো ভূমিকা আছে বুলি উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে ।

শাসকীয় বিজেপি দলটোৱে জনসাধৰণক আকৃষ্ট কৰিবৰ বাবে যিয়েই ব্যাখ্যা নকৰক কিয়, অসমৰ সকলোবোৰ সংবাদ মাধ্যমে নিৰ্বাচনী ফলাফলক সঠিকভাবে বিশ্লেষণ কৰি সংবাদ মাধ্যমে নিজৰ দায়িত্ব পালন কৰিছে বুলিও উল্লেখ কৰে । ইফালে এই সংবাদমেলতে আনজন মুখপাত্ৰ দুৰ্গাদাস বড়োৱে ৰাজনৈতিক জীৱনত প্ৰথমবাৰ হেলিকপ্টাৰ লৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোৱা দেখা বুলি উল্লেখ কৰে ।

কংগ্ৰেছ চৰকাৰৰ দিনত হেলিপকপ্টাৰতো বাদেই, মুখ্য মন্ত্ৰীও পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যোৱা নাছিল বুলি উল্লেখ কৰে মুখপাত্ৰ বড়োৱে । তেওঁ আৰু কয় যে যিখন চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভয় কৰাত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ প্ৰয়োজন হ'ল, সেই বিজেপি আৰু অগপ দলে পঞ্চায়ত নিৰ্বাচন খেলাৰ নৈতিক অধিকাৰো নাছিল বুলি উল্লেখ কৰে দুৰ্গাদাস বড়োৱে ।

বিজেপি দলটোৰ মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল ৰামধেনুসদৃশ মহা জোঁটবন্ধন ৷

কিন্তু বৰ্তমান পঞ্চায়ত নিৰ্বাচনত সেই ৰামধেনুৰ সাত ৰঙক মন্ত্ৰীগৰাকীয়ে গেৰুৱাকৰণ কৰি পেলাইছে বুলিও উল্লেখ কৰে । কাৰণ পঞ্চায়ত নিৰ্বাচনত যিসমূহ জনগোষ্ঠীয় ৰাজনৈতিক শক্তিৰ লগত বিজেপিয়ে মহা জোঁটবন্ধন কৰিছিল, সেই দলসমূহৰ নিজৰ প্ৰতীকসমূহ নাইকিয়া কৰি সকলোকে গেৰোৱা পদুম ফুলৰ চিহ্নত কৌশলপূৰ্ণভাৱে অৱতীৰ্ণ হ'বলৈ বাধ্য কৰালে বুলিও উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে ।

মুখপাত্ৰগৰাকীয়ে লগতে বিস্ফোৰণ ঘটাই বিপিএফকো চিহ্ন সলনি কৰি পদুম ফুলৰ ছবিত আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে বুলি ইতিমধ্যে হাগ্ৰামা মহিলাৰীৰ লগত কথা চলিছে বুলিও উল্লেখ কৰে । ইফালে এই সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী ভূমিধৰ বৰ্মনে নিৰ্বাচন আয়ুক্তৰ পৰা আৰম্ভ কৰি সকলোকে এতিয়া বিজেপিয়ে গেৰুৱাকৰণ কৰিবলৈ বিচাৰিছে বুলি উল্লেখ কৰে ।

লগতে তেওঁ এইবুলিও কয় যে বহু ভোট গণনা আৰু ভোট গ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ অভিযোগ উঠিছে ৷ কিন্তু নিৰ্বাচন আয়োগে একো কৰিব পৰা নাই । খালী বেলট পেপাৰো ভোটৰ বাকচত ভৰাবলৈ বিজেপি দলে চেষ্টা কৰি ধৰা পৰিছে, কিন্তু একো কৰিব পৰা নাই প্ৰশাসনে । ইয়াৰ উপৰি পুনৰ ভোট গণনা হ'বলগা বাকচ ভোট গণনা নকৰাকৈয়ে বহু ঠাইত ঘোষণা কৰা হৈছে নিৰ্বাচনৰ ফলাফল ।

সংবাদমেলত মুখপাত্ৰ কেইগৰাকীয়ে কয় যে কংগ্ৰেছৰ ভেটিত এতিয়াও বন গজাব পৰা নাই বিজেপিয়ে । সেই হিচাপত তিতাবৰ, গোলাঘাট, মৰিয়নী, নাজিৰা আদি সমষ্টিসমূহত বিজেপি নিশ্চিহ্ন হৈ যোৱাৰ উপক্ৰম ঘটা বুলিও উল্লেখ কৰে ।

ইয়াৰ বিপৰীতে ৰিপুণ বৰাৰ সমষ্টিত কংগ্ৰেছ বিফল কিয় হৈছে বুলি সাংবাদিকে সোধা প্ৰশ্নত মুখপাত্ৰ মুকুল শৰ্মাই কয় যে ১০ বছৰ ধৰি বিধায়ক হোৱা নাই ৰিপুণ বৰা নিজৰ সমষ্টিত ৷ তাৰ বিপৰীতে তেওঁ সমগ্ৰহ অসম ঘূৰি ফুৰিবলগা হৈছে দলৰ স্বাৰ্থত ৷ তাৰবাবে কিছু বিফল হৈছে বুলি আওপকীয়াকৈ স্বীকাৰ কৰে কংগ্ৰেছ দলটোৱে ।

ইফালে শোণিতপুৰ জিলা কংগ্ৰেছৰ ফালৰ পৰা ৰিপুণ বৰাই পদত্যাগ কৰিব লাগে বুলি কালি যি দাবী উত্থাপন কৰিছিল সেই সম্পৰ্কত কংগ্ৰেছ দলটোৱে কয় যে এই সম্পৰ্কত আলোচনা কৰা হ'ব আৰু এই মন্তব্য কংগ্ৰেছ দলৰ নহয় বুলিও উল্লেখ কৰে ।
 

Your Comments