ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সংবাদমেল

ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সংবাদমেল

ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাৰ সংবাদমেল ।

৫ বজালৈকে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পৰ্কত এই সংবাদমেল ৷

২৮ খন জিলা-মহকুমাৰ পৰা বৰ্তমানলৈকে নিৰ্বাচনৰ ফলাফল আহিছে । কাছাৰ আৰু ধুবুৰীত এতিয়াও চলি আছে ভাট গণনা । 

তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়াকে ধৰি ২৮ জিলাত ভোট গণনা সমাপ্ত হৈছে । 

ৱাৰ্ড সদস্য ২১,৯৯০ৰ ভিতৰত ১৭,৬৭৭টাৰ ফলাফল ঘোষণা । শতাংশ হিচাপত ৮০.৩৮% । 

অগপ ১,৩৭২, বিজেপি ৭,৫৪০, কংগ্ৰেছ ৫,৮৯৬, চিপিআই ৩, চিপিআই (এম) ২৭, চিপিআই (এম এল) ৭, এআইইউডিএফ ৭৫৫, বিপিএফ ৪৭, নিৰ্দলীয় ২,০২৮ । 

সভাপতি ২১,৯৯ৰ ভিতৰত ১,১৮১ৰ ফলাফল ঘোষণা । শতাংশ হিচাপত ৮৫.৫ । তাৰ ভিতৰত অগপই ১১০খন, বিজেপি ৮৬৮, কংগ্ৰেছ ৬৪৫, চিপিআই (এম) ১, এআইইউডিএফ ১০৬, বিপিএফ ২ আৰু নিৰ্দলীয় ১৫০ । 

আঞ্চলিক পঞ্চায়ত সদস্য ২,১৯৯খনৰ ভিতৰত ১,৮৬০ ৷ শতাংশ হিচাপত ৮৫.৫৮ । অগপ ৯৬, বিজেপি ৮৮৩, কংগ্ৰেছ ৬৪৫, চিপিআই (এম) ১, এআইইউডিএফ ১১৭, নিৰ্দলীয় ১২৪খন । 

জিলা পৰিষদ সদস্য ৪২০ৰ ভিতৰত ৩৪৭খনৰ ফলাফল ঘোষণা ৷ ৮২.৬ শতাংশ । অগপ ১৫, বিজেপি ১৮১, কংগ্ৰেছ ১২২, এআইইউডিএফ ১৫, নিৰ্দলীয় ১৪ । 

সৰ্বমুঠ ৯৭খনত পুনৰ ভোট গ্ৰহণ । ৯৫খনত ইতিমধ্যে হৈ গ'ল । ২খনত কাইলৈ পুনৰ ভোট গ্ৰহণ হ'ব । হাইলাকান্দি আৰু গহপুৰত কাইলৈ হ'ব পুনৰ ভোট গ্ৰহণ ।

গহপুৰ ৱাৰ্ড নং ১ বৰতামুলী গাঁও পঞ্চায়ত, হাইলাকান্দিৰ শ্যামপুৰ এম ই ইনষ্টিটিউট (ভোট গ্ৰহণ কেন্দ্ৰ), দৰীয়াৰঘাট কাৰিচেৰা গাঁও পঞ্চায়তত হ'ব পুনৰ ভোট গ্ৰহণ । দুয়োখনতে জিলা পৰিষদৰ সদস্যৰ ক্ষেত্ৰত হ'ব পুনৰ ভোট গ্ৰহণ । 

ৰাতিৰ ভিতৰত ফলাফল ঘোষণা শেষ হ'ব বুলি জানিবলৈ দিয়ে হৰেন্দ্ৰ নাথ বৰাই । বেলট পেপাৰ হোৱাৰ বাবে এইবাৰ লেহেমীয়া হৈছে ভোট গণনা। এই কথা সদৰী কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই ।

Your Comments