ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, চমুকৈ এন আৰ চিৰ সন্দৰ্ভত ওজৰ-আপত্তি দাখিলৰ সময় আৰু ১৫ দিন বৃদ্ধি কৰা হৈছে ।
উচ্চতম ন্যায়ালয়ে আজি ধাৰ্য কৰি দিয়া নতুন সময়সীমা অনুসৰি অহা ৩১ ডিচেম্বৰলৈকে দিব পাৰিব ওজৰ-আপত্তি।
স্মৰ্তব্য যে পূৰ্বতে ১৫ডিচেম্বৰ আছিল ওজৰ-আপত্তি দাখিলৰ অন্তিম দিন।
ৰাজ্য চৰকাৰৰ আবেদনৰ ওপৰত ভিত্তি কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে আজি ধাৰ্য কৰে নতুন সময়সীমা ।
- Log in to post comments
- 41 views