তেলেংগানাত সমাপ্ত হ'ল ভোট গণনা । ৮৭ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ তেলেংগানা ৰাষ্ট্ৰীয় সমিতি । ২২ খন আসনেৰে দ্বিতীয় স্থানত আছে কংগ্ৰেছ । ঠিক একেদৰে ১খন আসনেৰে তৃতীয় স্থানত আছে বিজেপি । উল্লেখ যে ১১৯ খন আসনৰ বাবে হৈছিল নিৰ্বাচন ।
ৰাজস্থানৰ ভোট গণনা সমাপ্ত । ৰাজস্থানত নুফুলিল পদুম । বিজেপি শাসন উফৰাই ৰাজস্থানত উৰিল কংগ্ৰেছৰ পতাকা । ১৯৯খন আসনৰ বাবে হোৱা নিৰ্বাচনত ১০১ খন আসন লাভ কৰি কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠন কৰাটো নিশ্চিত হল । বিজেপিয়ে লাভ কৰিলে ৭৩খন আসন । চত্তিশগড়টো একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ দিশত আছে কংগ্ৰেছ । ৯০খন আসনৰ বাবে হোৱা ভোট যুদ্ধত এই পৰ্যন্ত কংগ্ৰেছ দলটোৱে ৬৪খন আসনত অগ্ৰগতি লাভ কৰি আছে । দ্বিতীয় স্থানত আছে বিজেপি ।
- Log in to post comments
- 18 views