আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে অসম আন্দোলনৰ ৮৫৫জন ছহিদক স্মৰণ কৰি ছহিদ দিৱস । গুৱাহাটী প্ৰেছ ক্লাবতো পালন কৰা হয় এই ছহিদ দিৱস ।
সদৌ অসম ছহিদ-নিৰ্যাতিত পৰিয়াল পৰিষদে আয়োজন কৰে এই ছহিদ দিৱস । পুৱা ১০ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই ছহিদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ভালেসংখ্যক ছহিদ আৰু নিৰ্যাতিত পৰিয়ালৰ সদস্য ।
পুৱা ৮৫৫জন ছহিদ আৰু নিৰ্যাতিতক সোঁৱৰণ কৰি বন্তি প্ৰজলন কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে ছহিদ আৰু নিৰ্যাতিত পৰিয়াল পৰিষদৰ সভাপতি লক্ষীকান্ত ৰয় আৰু সম্পাদক মাণিক চন্দ্ৰ দেৱনাথ ।
ইয়াৰ উপৰি এই ছহিদ দিৱসৰ লগত সংগতি ৰাখি ছহিদ-নিৰ্যাতিত পৰিয়ালৰ অভাৱ-অভিযোগ আৰু জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত আলোচনা কৰা হয় ।
ইফালে এই অনুষ্ঠানৰ মাজতে ছহিদ-নিৰ্যাতিত পৰিয়াল পৰিষদে আয়োজন কৰে এখন সংবাদমেল । সংবাদমেলত ছহিদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ সম্পাদক মাণিক চন্দ্ৰ দেৱনাথে কয় যে "আহ ঐ আহ ওলাই আহ", "খেদ ঐ খেদ বিদেশী খেদ" কোৱাসকল আজি চৰকাৰৰ মুৰব্বী হ'ল । ৰাজ্য শাসনৰ বাঘজৰী গ্ৰহণ কৰিলে ।
কিন্তু ছহিদ আৰু নিৰ্যাতিত পৰিয়ালৰ সমস্যা সমস্যা হৈয়ে থাকি গ'ল । আনকি দুৰ্ভাগ্যজনকভাৱে এতিয়া সেইসকলে সংস্থাপন দিবলৈ মাটি আনিছে এসময়ত খেদি পঠোৱা মানুহবোৰক ।
ইয়াতকৈ লাজলগা বিষয় আৰু কিবা থাকিব পাৰে নেকি সেইসকল মন্ত্ৰী-বিধায়কৰ বাবে বুলি প্ৰশ্ন কৰে । সংবাদমেলত তেওঁ আৰু কয় যে ছহিদৰ ত্যাগ আৰু তেজৰ শ্লোগান গাই যিসকল মন্ত্ৰী-বিধায়ক হ'ল সেইসকলে এতিয়া পাহৰি গ'ল ছহিদৰ পৰিয়ালক ।
আনকি সেইসকল মন্ত্ৰী-বিধায়কে আজি ছহিদ আৰু নিৰ্যাতিতক লৈ কৰিছে নিকৃষ্ট ৰাজনীতি । সেয়েহে সংবাদমেলৰ জৰিয়তে ছহিদ পৰিয়ালৰ স্পষ্ট ঘোষণা- ৮৫৫জন ছহিদৰ তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন হ'ব লাগিব । ছহিদৰ অসমত কাকো নতুনকৈ সংস্থাপন দিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বলৈ দিয়া নহ'ব ।
যদি গৃহীত হয়, ছহিদ-নিৰ্যাতিত পৰিয়ালৰ আৰু হাজাৰ হাজাৰ লোক ছহিদ হ'বলৈ সাজু আছে বুলিও সকীয়াই দিয়ে সম্পাদকগৰাকীয়ে । ইয়াৰ উপৰি তেওঁ কয় যে অসম চুক্তি ৰূপায়ণ বিভাগৰ তথ্যমতে, সংস্থাপন পাবলগা ৮৯০টা পৰিয়ালক অতি সোনকালে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক ।
অসম আন্দোলনত গুলীবিদ্ধ আৰু পংগুসকলক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অতি সোনকালে ২ লাখ টকা সাহায্য মুকলি কৰি দিব লাগে বুলিও তেওঁ উল্লেখ কৰে ।
চৰকাৰে প্ৰতিটো বিভাগত ছহিদ আৰু নিৰ্যাতিত পৰিয়ালৰ বাবে ১০% আসন সংগৰক্ষণ কৰিব লাগে বুলিও দাবী জনায় । ইয়াৰ উপৰি তেওঁলোকে এই সংবাদমেলতে ৰাজনৈতিক দলসমূহক সকীয়াই দি কয় যে ছহিদ-নিৰ্যাতিতক লৈ যাতে কোনেও ৰাজনীতি নকৰে ।
- Log in to post comments
- 16 views