কলকাতাৰ বাউল সাধক ফকিৰ সাধন দৰবেশসহ ১১জন বাউল সাধকে আজি সন্ধিয়া কটন বিশ্ব বিদ্যালয়ৰ ছুডমাৰ্চন হলত পৰিবেশন কৰিব বাউল সংগীত ।
তাৰ প্ৰাক্-মুহূৰ্তত কলকাতাৰ পৰা অহা বাউলসাধকসকলে বাউল সংগীত প্রদর্শন কৰে গুৱাহাটী প্ৰেছ ক্লাবত ।
উল্লেখ্য যে উক্ত বাউল দলটোত আছে অসমৰ তিনি সন্তান ক্ৰমে নগাঁৱৰ মহামায়া, নলবাৰীৰ মাধুৰ্য আৰু বোকাখাতৰ তৰ্পন ।
এই শিল্পীসকলে আজি সন্ধিয়া ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত পৰিবেশন কৰিব বাউল সংগীত ।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব জুবিন গাৰ্গ ।
উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত ব্যতিক্ৰম মাছড' নামৰ অনা-চৰকাৰী সংস্থাটোৱে আয়োজন কৰিছে এই সমগ্ৰ অনুষ্ঠানটো।
উল্লেখ্য যে দেওবাৰ দিনা এই বাউল দলটোৱে বাউল প্ৰদৰ্শন কৰে নলবাৰীৰ ৰাসত ৷ এই কথা জানিবলৈ দিয়ে বাউল দলটোৱে ।
- Log in to post comments
- 25 views