গুৱাহাটীত গৃহৰক্ষী কৰ্মীসকলৰ প্ৰতিবাদ 

ৌ

জাতীয় নায়ক হাই-হাই,বিজপি চৰকাৰ মিছলীয় শ্লোগানৰে উত্তাল দীঘলী পুখুৰী পৰা উপায়ুক্ত কাৰ্যলয় সন্মুখত । সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই আজি তেওঁলোকৰ চাকৰি নিয়মীয়া কৰন কৰাৰ লগতে কেইবাটাও দাবীৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে । পোৱা ১১বজাত আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে পাঁচ শতাধিকতকৈও অধিক গৃহৰক্ষী জোঁৱানে ।

গৃহৰক্ষী জোঁৱানসকলে দীঘলী পুখুৰীৰ পৰা উপায়ুক্ত কাৰ্যলয় লৈকে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । তেওঁলোকৰ দাবীসমূহ হৈছে ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইন সংশোধন ঘটাই গৃহৰক্ষীসকলৰ চাকৰি নিয়মীয়া কৰা । লগতে গৃহৰক্ষী কর্মীসকলৰ চাকৰি কাৰ্যকাল ৫৫বছৰৰ পৰা ৬০বছৰলৈ বৃদ্ধি কৰা আৰু অৱসৰ পাছত এক কালিন সাহায্য আৰু পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা ।

s

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী অসমৰ গৃহৰক্ষী কর্মীসকলক সমান কামৰ বাবে সমান দৰমহা দিয়া ব্যৱস্থা কৰা । ইয়াৰ উপৰিও কৰ্মৰত অৱস্থাত কোনো গৃহৰক্ষী বাহিনী কর্মী মৃত্যু হলে ৰাজ্য চৰকাৰৰ অন্য কৰ্মচাৰী দৰে আৰ্থিক সাহায্য মঞ্জুৰ কৰা ।লগতে মহিলা গৃহৰক্ষী কৰ্মীসকলৰ প্ৰসূতি চুটি ব্যৱস্থা অন্য ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলৰ দৰে দিয়া ব্যবস্থা কৰা ।উল্লেখ যে বৰ্তমান গৃহৰক্ষী বাহিনী সকলৰ দৰমহা ৯০০০টকা । উক্ত প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব দিয়ে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি অনন্ত দাস আৰু সাধাৰণ সম্পাদক কামাখ্যা দাসে ।

প্ৰতিবাদৰ পাছত তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰাজ্যপাল জগদীশ মুখীলৈ জিলা জিলা উপায়ুক্ত জৰিয়তে ।

Your Comments