গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

আজি গুৱাহাটী প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে আপকুৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কেন্দ্ৰীয়ভাবে উদ্‌যাপন কৰা হয় । পুৱা ১১ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল কাৰ্যসূচী । ইয়াৰ পাছতে ৩২গৰাকী ছহিদ সাংবাদিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ অনুষ্ঠান আয়োজন কৰা হয় ।

গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

উক্ত অনুষ্ঠানত উপস্থিত থাকে আপকুৰ কেন্দ্ৰীয় আয়োজক সমিতিৰ সভাপতি মনোজ সিং, কাৰ্যকৰী সভাপতি মৌচম বৈশ্য, হেমন্ত শইকীয়া, সাংবাদিক সঞ্জীৱ ফুকন, প্ৰকাশ মহন্ত, নৰেশ কলিতা, কামৰূপ মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল প্ৰমুখ্যে কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত বিশিষ্ট গণ্য-মান্য ব্যক্তিসকল ।

গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

অনুষ্ঠানত উপস্থিত থাকি কামৰূপ মহানগৰ জিলা উপায়ুক্তগৰাকীয়ে কয় যে অসমৰ সংবাদ মাধ্যমে অসমৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । লগতে তেওঁ কয় যে বিশেষকৈ কামৰূপ মহানগৰত অম্বুবাচী আৰু দুৰ্গাপূজাৰ সময়ত অসমৰ সংবাদ মাধ্যমে জনসাধাৰণৰ মাজত যি গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াইছে লগতে প্ৰশাসনৰ ঘোষণাসমূহ প্ৰচাৰ কৰি জনসাধাৰণক সজাগ কৰি তুলিছে, সেই কথাক তেওঁ এই অনুষ্ঠানত শলাগ লয়।

গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

ইয়াৰ উপৰি তেওঁ কয় যে সংবাদকর্মীসকলে বহু সময়ত খবৰৰ সন্ধানত নিজৰ জীৱনকো তুচ্ছ কৰি কৰ্তব্যৰ খাতিৰত কিছুমান দুৰ্গম অংশলৈ গৈ জনসাধাৰণৰ সেৱা আগবঢ়াব লাগে ৷ তেওঁৰ সংবাদ গোষ্ঠীসমূহৰ প্ৰতি আহ্বান- সংবাদ কর্মীসকলে নিজৰ জীৱনৰ কথাও চিন্তা কৰা উচিত । ইয়াৰ উপৰি তেওঁ কয় যে এজন সংবাদকর্মীয়ে খবৰ পোৱা মাত্ৰে কোনো এটা বাতৰিৰ কাৰণে ৰাতি দুপৰতো যাবলগা হয় ৷

তাৰবাবে সংবাদকর্মীসকল কেতিয়াবা দুৰ্ঘটনাৰো সন্মুখীন হয় ৷ সেইবাবে সংবাদকর্মীসকলৰ কাম কৰাৰ এটা সময় থকা উচিত বুলিও তেওঁ উল্লেখ কৰে ।

গুৱাহাটী প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন

অনুষ্ঠানত উপস্থিত থকা নৱপ্ৰজন্মৰ গণ সংযোগৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাই কয় যে সেৱা হিচাপে সংবাদিতাক গ্ৰহণ কৰিব লাগে ।

এই অনুষ্ঠানতে সংবাদ সেৱাত জড়িত হৈ সাংবাদিক ধৰ্ম পালন কৰাৰ বাবে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সংবাদীক প্ৰকাশ মহন্ত আৰু নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সংবাদীক নৰেশ কলিতাক সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা জনায় উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে ।

Your Comments