মহানগৰীৰ উগ্ৰতাৰা মন্দিৰৰ পৰা চোৰে লুটিলে মূল মূৰ্তি

গুৱাহাটী মহানগৰীত চোৰৰ সন্ত্ৰাস অব্যাহত ।

এইবাৰ গভাইত চোৰৰ হাত লাগিল মহানগৰীৰ উগ্ৰতাৰা মন্দিৰৰ মূল মূৰ্তিত ।

বৃহস্পতিবাৰে ৰাতি চোৰে ৮টা ধাতুৰে নিৰ্মিত মূল মূৰ্তিটো চুৰি কৰি নিয়া কাৰ্যই পুনৰবাৰ প্ৰমাণ কৰিলে মহানগৰ আৰক্ষীৰ বিফলতাক ।

লতাশিল থানাৰ পৰা মাত্ৰ তিনিশ মিটাৰ দূৰত্বত সংঘটিত হৈছে এই চুৰি কাৰ্য ।

উল্লেখ্য যে সমগ্ৰ চুৰিকাৰ্যৰ ঘটনা ইতিমধ্যে বন্দী হৈছে মন্দিৰটোত থকা চিচি টিভি কেমেৰাত ।

ইতিমধ্যে লতাশিল আৰক্ষীয়ে আৰম্ভ কৰিছে চোৰৰ বিৰুদ্ধে অভিযান ।

Your Comments