জগদীশ পাটগিৰিৰ 'চিহ্নযাত্ৰা'ৰ নট্যৰূপ উন্মোচন

জগদীশ পাটগিৰিৰ 'চিহ্নযাত্ৰা'ৰ নট্যৰূপ উন্মোচন

আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয় বিশিষ্ট নাট্যকাৰ তথা কটন বিশ্ববিদ্যালয়ৰ দর্শন বিভাগৰ অধ্যাপক ডঃ জগদীশ পাটগিৰিয়ে নাট্যৰূপ দি লিখি উলিওৱা গ্ৰন্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিহ্নযাত্ৰা ।

উক্ত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাই । এই অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, ৰামকৃষ্ণ তালুকদাৰ, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি ।

জগদীশ পাটগিৰিৰ 'চিহ্নযাত্ৰা'ৰ নট্যৰূপ উন্মোচন

অনুষ্ঠানৰ আৰম্ভণিতে কটন বিশ্ববিদ্যালয়ৰ দর্শন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে ডঃ ভূপেন হাজৰিকাৰ এটা গীত পৰিবেশন কৰে ৷ আনহাতে, গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাই চিহ্নযাত্ৰা সম্পৰ্কত এক চমু অৱলোকন দাঙি ধৰে ।

একেদৰে গ্ৰন্থখনে বিশ্বদৰবাৰত মহাপুৰুষজনাৰ অমূল্য সৃষ্টিক তুলি ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ।

Your Comments