৭০ সংগঠনৰ বিৰুদ্ধে যুদ্ধংদেহী চৰকাৰ : মহানগৰীত ১৪৪ ধাৰা জাৰি

৭০ সংগঠনৰ বিৰুদ্ধে যুদ্ধংদেহী চৰকাৰ : মহানগৰীত ১৪৪ ধাৰা জাৰি

অসমৰ খিলঞ্জীয়া নাগৰিকৰ ভৱিষ্যতলৈ প্ৰচণ্ড প্ৰত্যাহ্বান নমাই কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিয় অহা ডিচেম্বৰ মাহত সংসদৰ শীতকালীন অধিবেশনত উত্থাপন কৰিবলগা "নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬" বাতিল কৰাৰ দাবীত এতিয়া জ্বলিছে ৰাজ্য । বিধেয়কখনৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ।

একেলগ হৈছে অসমৰ প্ৰায়বিলাক জাতীয় সংগঠন । সকলোৰে এটাই দাবী- নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগে । তাৰ স্বাৰ্থতেই কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৭০টা জাতীয় সংগঠন ঐক্যবদ্ধ সংগ্ৰামত নামিছে । শদিয়াৰ পৰা ধুবুৰী, জোনাইৰ পৰা কাৰ্বি আংলং সকলো অঞ্চলৰ ৰাইজে মিলি বিধেয়কখনৰ বিৰুদ্ধে আৰম্ভ কৰিছিল সংকল্প শিখা যাত্ৰা ।

৭০ সংগঠনৰ বিৰুদ্ধে যুদ্ধংদেহী চৰকাৰ : মহানগৰীত ১৪৪ ধাৰা জাৰি

আৰু এই যাত্ৰাৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে যাত্ৰাৰ অন্তত ১৬ নৱেম্বৰৰ দিনা গ্ৰহণ কৰিব দিছ্পুৰ ঘেৰাও কাৰ্যসূচী । য'ত অংশগ্ৰহণ কৰিব ৭০টা জাতীয় সংগঠনৰ সদস্য প্ৰমুখ্যে অসমৰ জনসাধাৰণে । সকলোৰে মাত্ৰ এটাই লক্ষ্য, কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰতি বিক্ষোভ প্ৰদৰ্শন কৰা ।

তাৰ ফলশ্ৰুতিতেই আৰম্ভ হ'ল শদিয়া, ধুবুৰী, জোনাই, কাৰ্বিআংলঙৰ পৰা দিছ্পুৰলৈ বুলি সংকল্প শিখা যাত্ৰা । তাৰ পাছতেই অসম আৰক্ষী, প্ৰশাসন আৰু অসম চৰকাৰৰ গৃহ বিভাগত আৰম্ভ হ'ল ৭০ সংগঠনৰ ১৬ নৱেম্বৰ অৰ্থাৎ কাইলৈৰ দিছ্পুৰ ঘেৰাও কাৰ্যসূচীক যিকোনো প্ৰকাৰে প্ৰতিহত কৰাৰ বাবে যুদ্ধংদেহী তৎপৰতা ।

তাৰ প্ৰতিফলন হিচাপে শুকুৰবাৰে ৭০ সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি অনুমতি নিদিলে মহানগৰ জিলা প্ৰশাসনে । ৭০টা সংগঠনে মাত্ৰ দুই ঘণ্টাৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে অনুমতি বিচাৰি আবেদন জনাইছিল কামৰূপ জিলা প্ৰশাসনক । কিন্তু বৰ্তমানলৈকে কোনো অনুমতি প্ৰদান কৰা নাই প্ৰশাসনে ।

তাৰ পৰিৱৰ্তে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আজি দিনৰ ভাগত ঘোষণা কৰে যে সমগ্ৰ মহানগৰত আজিৰ পৰা প্ৰযোজ্য হ'ব ১৪৪ ধাৰা । লগতে তেওঁ উল্লেখ কৰে যে শান্তি-শৃংখলা ভংগকাৰীসকলক কঠোৰ হাতেৰে দমন কৰিবলৈ আৰক্ষী-প্ৰশাসন সষ্টম । ইয়াৰ উপৰি যিকোনো প্ৰতিবাদকাৰীক দেখা মাত্ৰকে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনাইছে প্ৰতিখন জিলা আৰক্ষী অধীক্ষকসকলক ।

৭০ সংগঠনৰ বিৰুদ্ধে যুদ্ধংদেহী চৰকাৰ : মহানগৰীত ১৪৪ ধাৰা জাৰি

ইয়াৰ উপৰি গোপন সূত্ৰৰ পৰা জানিব পৰা খবৰ অনুযায়ী, কাইলৈ দিছ্পুৰ ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিবাদকাৰীসকলক গুৱাহাটী মহানগৰৰ ভিতৰত প্ৰবেশ কৰিবলৈ নিদিবৰ বাবেও আৰক্ষীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে । ধুবুৰীৰ দিশৰপৰা অহা প্ৰতিবাদকাৰীসকলক ৰুধিবলৈ মহানগৰ প্ৰশাসন ৰঙিয়াত সষ্টম হৈ থকা বুলি জানিব পৰা গৈছে ।

ঠিক একেদৰে জোনাই, কাৰ্বি আংলং আৰু শদিয়াৰ দিশৰপৰা অহা প্ৰতিবাদকাৰীসকলক ৰুধিবলৈ খানাপাৰাত অসম আৰক্ষী সষ্টম হৈ থকাৰ গোপন নির্দেশ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।

মুঠৰ ওপৰত কাইলৈ ৭০ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীক যিকোনো প্ৰকাৰে প্ৰতিহত কৰাৰ বাবে যে অসম আৰক্ষী, প্ৰশাসন, অসম চৰকাৰৰ গৃহ বিভাগ যে বদ্ধপৰিকৰ সেই কথা স্পষ্টভাৱে পৰিলক্ষিত হৈছে । এতিয়া কাইলৈ ৭০ সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদে কি ৰূপ লয় সেয়া হ'ব লক্ষণীয় ।

Your Comments