অহা ১১ ডিচেম্বৰ পৰা আৰম্ভ হ'ব সংসদৰ শীতকালীন অধিবেশন থিক একেদৰে এইবাৰ শীতকালীন অধিবেশন সামৰণি পৰিব ৮ জানুৱাৰী ২০১৯ চনত । এই কথা বুধবাৰে জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলে । তেওঁ লগতে জানিবলৈ দিয়ে যে সংসদীয় পৰিক্ৰমা কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে এই দিন থিক কৰা হৈছে ।
উল্লেখ যে, এইবাৰ সংসদৰ শীতকালীন অধিবেশনখনত ভালে কেইখন গুৰুত্বপূৰ্ণ বিধেয়কৰ বিষয়ে আলোচনা কৰা হ'ব বুলিও জানিবলৈ দিয়ে । তাৰ ভিতৰত আছে মুছলমান মহিলাসকলৰ অধিকাৰ গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰে । ইফালে গুৰুত্বপূৰ্ণ কথা এই যে এইবাৰৰ শীতকালীন অধিবেশনখনতে নাগৰিকত্ব সংশোধনী বিধেয়কখনো উত্থাপন কৰা সম্ভাৱনা আছে ।
ইফালে সংসদৰ শীতকালীন অধিবেশনখন নৱেম্বৰ মাহতে অনুষ্ঠিত হোৱা কথা আছিল যদিও ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে এই অধিবেশনখন ডিচেম্বৰ পৰা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
- Log in to post comments
- 11 views