গুৱাহাটী চিৰিয়াখানাৰ জীৱ-জন্তু আৰু আন্তগাঁথনিকলৈ নাগৰিক সভাৰ উদ্বেগ প্ৰকাশ  

aa

গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানাত বন্য প্ৰাণী সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱা, চিৰিয়াখানাখনৰ মৃতপ্ৰায় আন্তঃগাঁথনি, জীৱকুলৰ বাবে নামি অহা দুৰ্যোগৰ বিভিন্ন বিষয় আলোকপাত কৰি আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন নাগৰিক সভা আয়োজন কৰা হয় । চিৰিয়াখানা ৰক্ষাৰ বলিষ্ঠ সংগ্ৰামৰ উদ্যোগত আয়োজিত এই নাগৰিক সভাখনত উপস্থিত থাকে বৌদ্ধিক জগতৰ স্বনামধন্য ব্যক্তিসকলৰ লগতে ভালে সংখ্যক সাধাৰণ ৰাইজ ।

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উপসভাপতি তিলক মহনৰ সভাপতিত্বত আয়োজিত এই নাগৰিক সভাত উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁই, কবি হৰেকৃষ্ণ ডেকা, মনজিত মহন্ত, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, অধিবক্তা অৰুপ বৰবৰা, মাছৰ প্ৰাক্তন সচিব আদিত্য লহকৰ সদৌ অসম কৃষক মুক্তি সংগ্রাম সমিতি প্ৰতিনিধি আৰু বীৰ লাচিত সেনা প্ৰতিনিধি অনুষ্ঠানত উপস্থিত থাকে ।

চিৰিয়াখানাৰ ভিতৰত আৰু বাহিৰত চলি থকা দুৰ্নীতি, ভ্রষ্টচাৰ, অনিয়ম আদিৰ বিভিন্ন বিষয়ক আলোকপাত কৰি আয়োজিত এই নাগৰিক সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চ সাধাৰণ সম্পাদকে । তেওঁ কয় যে অসম ৰাজ্যিক চিৰিয়াখানাত জন্তুৰ সুৰক্ষাৰ দিয়াৰ বাবে কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ । তাৰ বিপৰীতে চিৰিয়াখানাত এতিয়া মদ-জোৱাৰ আড্ডা বহে । তাত থকা মহিলা ক্লাৱত গৈ  ডি অফ অ' আৰু অন্যান্য বিষয়াসকলৰ পত্নীসকলে মদৰ আড্ডা আয়োজন কৰে ।

উল্লেখ যোগ্য যে আবেলি ৫ বজাৰ পাছত সেই অঞ্চল সম্পূণ নিষিদ্ধ অঞ্চল তালৈ বিনা কাৰণত মন্ত্ৰী-বিধায়ক যোৱাৰো যুক্তি নাই কিন্তু তাত অফিচাৰসকলে ৰাতি দুপৰলৈ মদৰ আড্ডা আয়োজন কৰে । তাত থকা পশু চিকিৎসালয় অৱস্থা ভাল নহয় কাৰণ জীৱ-জন্তুক চিকিৎসা কৰাৰ বাবে নাই উপযুক্ত চিকিৎসা ব্যৱস্থা । চাফ-চিকুণতা বিষয় আলোকপাত কৰি তেওঁ কয় যে চিৰিয়াখানাত থকা জলহস্তী কেইটা ওচৰলৈ এতিয়া যাব নোৱাৰি ৷ একেই খিনি পানীতেই সদায় পৰি থাকে জলহস্তী কেইটা ৷

কিন্তু প্ৰতিপাল কৰিবলৈ সময় নাই তাত থকা কৰ্মচাৰী । ইয়াৰ উপৰিও তেওঁ কয় চিৰিয়াখানাত এতিয়া পূৰ্ব দৰে দেখা নাযায় মুক্ত মনে ঘূৰি ফুৰা হৰিণ কেইটা, কাৰণ চাৰিবেৰৰ ব্যৱস্থা এতিয়া ধংস পথত এইদৰে কয় সাধাৰণ সম্পাদক গৰাকীয়ে । ইয়াৰ উপৰিও সভাখনত বিশিষ্ট বুদ্ধিজীবী ডঃ হীৰেন গোহাঁই কয় যে, চৰকাৰখনৰ নতুন সম্পদ আবিষ্কাৰ কৰাটোতো দূৰৰে কথা পুৰণি সম্পদবোৰকে জীয়াই ৰখাৰ যোগ্যতা নাই । তেন্তে ক'ৰ পৰা তেওঁলোকে পাৰিব চিৰিয়াখানা ৰক্ষা কৰিব । তেওঁ লগতে কয় যে চিৰিয়াখানাখন কেৱল চাই আমোদ পোৱা বস্তু নহয়, চিৰিয়াখানাখন জীৱ-জন্তু আচৰণ, চৰিত্ৰ, জীৱন পদ্ধতি আদি বিভিন্ন বিষয় অধ্যয়ন কৰা এক গৱেষণা ক্ষেত্ৰও ৷

সেই বাবে চিৰিয়াখানাখন সকলোবে ৰক্ষা কৰিবলৈ ওলাই আহিব লাগে । বৰ্তমান সময়ত চিৰিয়াখানাখন ধংস হৈ গৈছে তাৰ বাবে প্ৰধান দায়ী নেতৃত্ব আৰু প্ৰয়োজনীয় পুঁজিৰ অভাৱ । চৰকাৰখনে কেৱল পূজা-পাতলত ব্যস্ত হৈ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিব পাৰে ৷ কিন্তু এনে ধৰণৰ উন্নয়ন মূলক কাম কৰা বাবে চৰকাৰৰ পুঁজি অভাৱ । ইফালে সভাত উপস্থিত থাকি অধিবক্তা অৰুপ বৰবৰাই কয় যে ভাৰতবর্ষ অন্য ৰাজ্যিক চিৰিয়াখানাসমূহৰ তুলনাত অসম ৰাজ্যিক চিৰিয়াখানাখন বহু গুণে ডাঙৰ ।

ইয়াত বহুতো লুপ্ত প্ৰায় প্ৰাণী, জীৱ-জন্তু, উদ্ভিদ আছে কিন্তু চৰকাৰৰ দায়িত্বহীনতা বাবে এতিয়া এইবোৰ ধংস হৈ গৈছে ইয়াৰ পৰা । তেওঁ কয় চিৰিয়াখানাত পূৰ্বৰ ১২০০ হৰিণ মুক্ত মনে ঘূৰি ফুৰিছিল ৷ কিন্তু বৰ্তমান ইয়াৰ সংখ্যা প্ৰায় ৪০০ মাত্ৰ । এই যে হৰিণ বোৰ হেৰাই গৈছে ইয়াৰ অন্তৰালত এক জড়িত চিৰিয়াখানা   কৰ্তৃপক্ষ ।

কাৰণ কাজিৰঙাত চোৰাং চিকাৰীয়ে গড় হত্যা কৰি খড়্গ লৈ গৈ অন্তৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰে ৷ কিন্তু চিৰিয়াখানাত ইয়াৰ কৰ্মচাৰীয়ে জন্তুবোৰ বিক্ৰী লগত ওতঃপ্ৰোতভাৱে জড়িত । তেওঁ লগতে কয় যে কিছুদিনৰ পূৰ্বে চিৰিয়াখানাত জীৱ-জন্তু মৃত্যু হোৱা কথা ওলাইছিল তাৰ প্ৰকৃত কাৰণ কি তাৰ তদন্ত বাবে গীতানগৰ থানাত এই সম্পৰ্কত এখন অতি সোনকালে এজাহাৰ দিব লাগে ৷ বৰ্তমানৰ ডি অফ অ' মনোজ স্বামী আৰু চিকিৎসালয়খনৰ মুৰব্বী গৰাকীৰ ওপৰত ।

Your Comments