মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰীবাহী ফেৰী ডেৰ ঘণ্টা ধৰি আবদ্ধ

dd

মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন যাত্ৰীবাহী ফেৰী । পোৱা ১০.৩০বজাত উত্তৰ গুৱাহাটী মধ্যমখণ্ডলৈ গৈ থকা অৱস্থাত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰা ফেৰীখন নাম আছিল "নামবৰ" । ভালে সংখ্যক যাত্ৰীয়ে ভৰি আছিল ফেৰীখন । ইয়াৰ উপৰিও ফেৰীখনত আছিল ভালে কেইখন মটৰ চাইকেল । প্ৰায় ডেৰ ঘণ্টা ধৰি পানীৰ মাজতেই আবদ্ধ হৈ পৰিছিল যাত্ৰীভৰ্তি ফেৰীখন । ফেৰীখন আবদ্ধ হৈ যোৱাত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিবেশ সৃষ্টি হৈছিল । কি কাৰণত ফেৰীখন ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰিছিল সেই কথা বিভাগে স্পষ্টকৈ নক'লেও তাত থকা যাত্ৰীসকলে কোৱা মতে যান্ত্ৰিক বিজুতি বাবেই ফেৰীখন আবদ্ধ হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুত । ডেৰ ঘণ্টা আবদ্ধ হৈ থকা পাছতো তেওঁলোকক উদ্ধাৰৰ বাবে তৎকালীনভাবে যাৱতীয় ব্যৱস্থা নকৰাৰ অভিযোগ ফেৰীখনৰ কতিপক্ষ বিৰুদ্ধে । পাছত শুভাগ্য ক্ৰমে ফেৰীখনৰ লগতে যাত্ৰীসকলক উদ্ধাৰ কৰা হয় নদীৰ মাজৰ পৰা যাত্ৰীসকলক । উল্লেখ যোগ্য যে যোৱা ৫ ছেপ্টেম্বৰ তাৰিখৰ দিনা এনেদৰে যান্ত্ৰিক বিজুটিৰ ফলত এখন ভটভটি নাও দুর্ঘটনা হৈ দুগৰাকী ছাত্ৰীসহ মৃত্যুক আঁকোৱালি লৈছিল ৪জন লোকে । তাৰ পাছতো কিয় জল পৰিবহন বিভাগে ফেৰীসেৱা ব্যৱস্থাতো গুৰুত্বসহকাৰে লোৱা নাই গুৱাহাটী আৰু উত্তৰগুৱাহাটীৰ মাজত ই কিন্তু চিন্তনীয় বিষয় ?

Your Comments