অশান্ত কাবুল ত্যাগ পিতৃ-মাতৃৰ, বিমানবন্দৰত পৰি ৰ’ল সদ্যোজাত সন্তান

Children crying in the airport

তালিবানৰ আফগান দখলৰ পিছতেই অশান্ত হৈ পৰিছে কাবুল। তালিবানি শাসনৰপৰা মুক্তি পাবলৈ আফগানিস্তানবাসীৰ দেশত্যাগৰ বাবে হিলদল ভঙা দৃশ্য বৰ্তমান সামাজিক মাধ্যমত সুলভ। বিমানত উঠাৰ হুৱাদুৱা কিংবা  উড়ন্ত বিমানৰপৰা প্রাণহানিৰ দৰে মর্মান্তিক ঘটনাই বিশ্বক হতবাক কৰিছে৷ ইয়াৰ মাজতে কাবুল বিমানবন্দৰত পৰিত্যক্ত সদ্যোজাতৰ ভিডিঅ’ প্ৰকাশ হ’লত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

আফগানবাসীয়ে বিচাৰিছে তালিবানি শাসনৰপৰা বাহিৰ হৈ যিকোনো দেশত আশ্রয় ল’বলৈ৷ এই পৰিস্থিতিতে কাবুলৰ আন্তর্জাতিক বিমানবন্দৰত প্ৰবল ভিৰ। সেই ভিৰতেই পিতৃ-মাতৃৰ পৰা বিছিন্ন হৈ পৰিল এক সদ্যোজাত। শিশুৰ কান্দোনৰ শব্দও শুনা নাপালে কোনেও। সকলোৰে তেতিয়া মাত্ৰ এটাই লক্ষ্য দেশ এৰিব লাগে। ঘুৰি চোৱাৰ অৱকাশ নাই কাৰোৰে৷ 

এই ভিডিঅ’টো দেখি আফগানিস্তানৰ পৰিস্থিতি কার্যতঃ স্পষ্ট। তালিবান ক্ষমতাত থাকিলে জীৱন দুৰ্বিষহ হোৱাতো যে নিশ্চিত সেই দাবি সেই দেশৰ নাগৰিকসকলৰ৷ আজিৰ এই শিশুটিৰ ছবিয়ে ২০১৫ চনৰ ছিৰিয়াৰ যুদ্ধৰ সময়ৰ ক্রন্দনৰত শিশুটিৰ ছবিখন সোঁৱৰাই দিয়ে। হৃদয়বিদাৰক সেই ছবি আজিও সকলোৰে মনত সজীৱ হৈ আছে।

Your Comments