দুলীয়াজানত অইলৰ পাইপলাইনত বিস্ফোৰণ

Gas leak

২৮ জুলাই তাৰিখে দুলীয়াজানৰ ১ নং কঠালগুৰিত সংঘটিত হয় অইলৰ পাইপলাইনত বিস্ফোৰণৰ ঘটনা। জানিব পৰি অনুসৰি যান্ত্রিক বিজুতিৰ বাবে এই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। 

বিস্ফোৰণৰ পিছত প্ৰাকৃতিক গেছ নিৰ্গমন হৈছে পাইপলাইনৰপৰা। লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী আৰু বিভাগীয় কৰ্মচাৰী-বিষয়া। গেছ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে তেওঁলোকে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ঘটনাস্থলীত মোতায়েন কৰা হয় আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষী বাহিনীক।

Your Comments