যোগ গুৰুকুল অসমৰ উদ্যোগ:নলবাৰীৰ পূৰ্ণকামদেৱত কভি’ড ১৯ সজাগতা অভিযান শিবিৰ সম্পন্ন

Pic

*শিবিৰত উপস্থিত থাকি সাংসদ দিলীপ শইকীয়াই ক'লে-'দেহা সুস্থ থাকিলেহে বেহা চলিব'*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অধীনস্থ পূৰ্নকামদেৱ(মোমাইটোলা) শিৱমন্দিৰ প্ৰাংগনত ২৩ জুনত পুৱাৰে পৰা এটি কভি’ড সজাগতা অভিযান শিবিৰ অনুষ্ঠিত কৰা হয়৷

যোগ গুৰুকুল অসমৰ উদ্যোগত এছ এছ ডেকা মেডিয়া এণ্ড এন্টাৰটেন্টমেন্ট লিঃ আৰু শৰ্মা চলাৰ এন্টাৰপ্ৰাইজৰ সৌজন্যত অনুষ্ঠিত উক্ত শিবিৰত মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে শৰীৰ সুস্থ কৰি ৰাখিবলৈ যোগৰ খুবেই প্ৰয়োজন৷তেওঁ স্বাস্থ্যৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁট চৰকাৰে লোৱা ইতিবাচক দিশৰ বিষয়ে বৰ্ণনা কৰি কয় যে বৰ্তমান চৰকাৰে ষাঠি বছৰে কোনো চৰকাৰে কৰিব নোৱাৰা কাম কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিচতে সাংসদগৰাকীয়ে দলীয়ভাৱে অনুষ্ঠিত বলিদান দিৱস উপলক্ষে ডা°শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আৰু শ্ৰদ্ধাঞ্জলি জনায় ৷কাৰ্য্যসূচীৰ অন্তত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে সাংবাদিকৰ আগত কয় যে মই এজন দলীয় কাৰ্য্যকৰ্তা,দলে যি দায়িত্ব দিয়ে তাক নিষ্ঠা সহকাৰে পালন কৰিম৷তেওঁ ৰূপজ্যোতি কুৰ্মীৰ দলত যোগদান কৰাত সন্তোষ প্ৰকাশ কৰি কয় যে আগন্তুক দিনত আৰু দুই-চাৰিজন কংগ্ৰেছী বিধায়ক বিজেপিত যোগদান কৰিব পাৰে৷

অনুষ্ঠানত বিশিষ্ট কন্ঠশিল্পী বিদ্যা সাগৰ,কৌতুক অভিনেতা মন্মথ বৰুৱা,যোগ গুৰুকুল,অসমৰ উপচাৰ সচিব ডাঃ হিমাংশু বুজৰবৰুৱা,সম্পাদক দিলীপ গোস্বামী,বিজেপি নলবাৰী জিলা সমিতিৰ সভাপতি,ডা° মৃংগাক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপি সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,দেহাৰকুছি পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,আঞ্চলিক সদস্য ফণীনাথ লহকৰ,বিজেপি কৰ্মী জয়ন্ত পাটোৱাৰীকে ধৰি কেইবাজনো যোগ প্ৰশিক্ষক,স্বাস্থ্য কৰ্মী উপস্থিত থাকে৷অনুষ্ঠানত কেইবাজনো লোকক বিনামূলীয়া মাক্স,চেনিটাইজাৰ,ঔষধ দিয়া হয়।ইয়াৰ উপৰিও তেজ পৰীক্ষা কৰাৰ লগতে প্ৰদৰ্শনমূলকভাৱে যোগৰ প্ৰশিক্ষণ দিয়ে।

Your Comments