ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কল্পনা কলিতালৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫০ হাজাৰ টকা প্ৰদান

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 

নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাঁকুছি গাঁৱৰ ভলীবল খেলুৱৈ কল্পনা আৰ্থিক সমস্যাত জৰ্জৰিত বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত  ৰাজ্যৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ হৈছিল।লগে লগে মুখ্যমন্ত্ৰী সাহায্য  পুুঁজিৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে  ৫০ হাজাৰ টকাৰ চেক নলবাৰীৰ বিধায়কৰ জড়িয়তে প্ৰেৰণ কৰে। ১৭ জুনত নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই  ভলীবল খেলুৱৈ কল্পনা কলিতাৰ ঘৰত উপস্থিত হৈ একালীন সাহায্যৰ চে'কখন প্ৰদান কৰে।

উল্লেখ‍্য যে  ক্ৰীড়াকে জীৱনৰ ব্ৰত বুলি ভবা কল্পনা কলিতাৰ ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাঁকুছি গাঁৱত। যিটো সময়ত গ্ৰাম্যাঞ্চলত মহিলাই খেল খেলাতো একপ্ৰকাৰ দুৰূহ কাম আছিল,ঠিক সেই সময়তে নিজৰ সাহস আৰু একাগ্ৰতাৰ জড়িতে ভলীবল খেলি প্ৰতিষ্ঠিত হৈছিল কল্পনা।পূব নলবাৰী ক'চিং চেণ্টাৰৰ নিয়মীয়া ভলীবল খেলুৱৈ কল্পনাৰ জন্ম হৈছিল ১৯৯৫ চনত। দেউতাক প্ৰয়াত ধৰ্ম কলিতাই দিন-হাজিৰা কৰি ঘৰখন চলাই আছিল যদিও ২০২০ চনত হঠাৎ দেউতাকৰ মৃত্যু হোৱাত ঘৰখনৰ আলৈ-আঠানি নোহোৱা হয়। মাক যামিনী কলিতাই প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী কাম কৰি পোৱা টকাকেইটাৰে ঘৰখনৰ জোৰা মাৰিবলৈ টান। সেয়েহে কল্পনাই ভুঁঁই ৰোৱা, ধান কটা, গাখীৰ বিক্ৰী কৰা, হাঁহ-কুকুৰা পালন কৰি আজিও ঘৰৰ দায়িত্ব পালন কৰি আহিছে। ২০০৯ চনৰ পৰা ভলীবলৰ প্ৰশিক্ষণ আৰম্ভ কৰা কল্পনাই ২০১০ চনত সৰুসজাইত অনুষ্ঠিত হৈ যোৱা আন্তঃ জিলা মিনি ভলীবল প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰে। ইয়াৰ পিছত তেওঁ জিলা তথা ৰাজ্যিক দলৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ ৰূপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হয়। আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত জুনিয়ৰত দুবাৰ আৰু চিনিয়ৰত এবাৰ চূড়ান্ত বিজয়ী হোৱা জিলা দলটোৰ অন্যতম সদস্য হৈ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল কল্পনা কলিতাই আৰু ইয়াৰ সুবাদতে ২০১০ চনত মধ্যপ্ৰদেশত অনুষ্ঠিত হৈ যোৱা মিনি নেচনেল, ২০১৪ চনৰ ৮-১৪ জানুৱাৰীলৈ ডেৰাডুনত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ নেচনেল, ২০১৪ চনৰ ২৩-২৮ ডিচেম্বৰত চণ্ডিগঢ়ত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ নেচনেল, ২০১৬ চনৰ ২৪-৩০ ডিচেম্বৰত চেন্নাইত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ নেচনেল আৰু ২০১৯ চনৰ ২৫ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ভূৱনেশ্বৰৰ উৰিষ্যাত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। পাঁচবাৰকৈ অসম দলক প্ৰতিনিধিত্ব কৰা কল্পনাৰ জীৱনলৈ এতিয়া নামি আহিছে চৰম বিপৰ্যয়। খোৱা-লোৱাকে আদি কৰি বিভিন্ন সমস্যাত ভুগিছে কল্পনাই। তেওঁৰ মনৰ ভিতৰত থকা খেলুৱৈৰ যুঁঁজাৰু মনটোৱে কিন্তু কেতিয়াও হাৰ মনা নাই। সকলো কাম-কাজ কৰিও সময়মতে খেলপথাৰত উপস্থিত হোৱাটো কল্পনাই নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলিয়েই বিবেচনা কৰি আহিছে। ইয়াৰ বাবে পূব নলবাৰী ক'চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, সম্পাদক হিতেশ দাস, মুখ্য প্ৰশিক্ষক গণেশ শৰ্মাৰ নাম তেওঁ অকপটে স্বীকাৰ কৰিছে।

বিধায়ক জয়ন্ত মল্ল বৰুৱাই আজি কল্পনা কলিতাক চে'ক প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সৰু সৰু সংবাদৰ ওপৰতো গুৰুত্ব দিয়ে। সেই বাবে আজি কল্পনা কলিতাই এই সাহায্য পাবলৈ সক্ষম হ'ল বুলি সদৰি কৰে।লগতে বিধায়কগৰাকীয়ে আগন্তুক দিনত ক্ৰীড়া ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাসকলক আগন্তুক দিনত আৰক্ষীত নিয়ুক্তি দিব বুলি মন্তব্য কৰে।বিধায়কগৰাকীৰ এই চে'ক প্ৰদান অনুষ্ঠানটোৰ আঁত ধৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক বুবুল দাসে। বিধায়কগৰাকীক সংগ দিয়ে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,মহিলা মৰ্চাৰ সভানেত্ৰী মনিকা ভৰালী,বিজেপি নেতা দ্বীপ মল্ল বৰুৱা, বিশ্বজ‍্যোতি কলিতা, নন্দলাল চৰকাৰ,অঞ্জন ডেকা,কুলদ্বীপ কলিতা,ক্ৰীড়া সংগঠক দীপক কুমাৰ দাস আদিয়ে।

Your Comments