নলবাৰীৰ বাহাৰঘাটত বিলাসী বাহনত ছাগলী চোৰ,লগত চীনত নিৰ্মিত পিষ্টল

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৯জুনঃ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহাৰঘাটৰ পূৰ্নদৈচপৰা(লহকৰপাৰা)ত আজি দুপৰীয়া এখন চুইফট ডিজেয়াৰ গাড়ীসহ তিনিটা ছাগলী উদ্ধাৰ হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে গাড়ীখনৰ ভিতৰত ছাগলীৰ লগতে এটি চীনত নিৰ্মিত পিষ্টলো উদ্ধাৰ কৰা হয়৷জানিব পৰা মতে আজি দিনৰ ভাগত এ এছ ৯ জি ১০৫৭ নংৰ চুইফট ডিজেয়াৰ গাড়ীখনে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ছমাৰকুছিৰ পৰা এটি খাহী ছাগলী তুলি লৈ তীব্ৰ বেগেৰে বাহাৰঘাটৰ ফালে গতি কৰে৷এই ঘটনা কেইজনমান যুৱকে প্ৰত্যক্ষ কৰি গাড়ীখনৰ পিচ লয়৷কিন্তু গাড়ীখনক তেওঁলোকে ধৰিব নোৱাৰিলে৷ইফালে,কামৰূপ আৰু নলবাৰী জিলাৰ সীমাত আৰক্ষীৰ পহৰা দেখি চোৰে বিকল্প হিচাপে পূৰ্ণদৈচপাৰাৰ দিশত গতি কৰি তাতে দৌল মন্দিৰৰ ওচৰতে গাড়ী এৰি পলায়ন কৰে৷ইয়াতে এজন স্থানীয় যুৱকে গাড়ীখন প্ৰত্যক্ষ কৰি কোনো মানুহ নোহোৱা গাড়ীখনৰ ভিতৰত কিবা থকাৰ উমান পাই স্থানীয় ৰাইজক অৱগত কৰে৷অৱশেষত ৰাইজে বাহাৰঘাট চকত কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীৰ সহযোগত গাড়ীখনৰ পৰা এটি খাহী ছাগলী,এজনী মাইকী ছাগলী আৰু এটা পঠা উদ্ধাৰ কৰে৷আনহাতে, গাড়ীখনৰ ভিতৰত সজীৱ গুলীসহ এটি চীনত নিৰ্মিত পিষ্টলো উদ্ধাৰ কৰে৷এইবোৰ প্ৰত্যক্ষ কৰি উত্তেজিত ৰাইজে গাড়ীখনৰ ক্ষতি সাধন কৰে৷অৱশেষত ঘগ্ৰাপাৰ আৰক্ষী থানাই গাড়ীসহ পিষ্টলটো জব্দ কৰি থানালৈ লৈ যায়৷কিন্তু দুৰ্ভাগ্যজনক কথা যে ঘটনা সংঘটিত কৰা চোৰকেইটাৰ সন্ধান এতিয়ালৈকে পোৱা নাই৷

Your Comments