বঙাইগাঁৱত আৰক্ষীৰ বাহনৰ খুন্দাত থিতাতে নিহত মহিলা চাইকেল আৰোহী

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

১৮ জানুৱাৰীত বঙাইগাঁও চহৰৰ মাজমজিয়াৰ পাগলাস্থানস্থিত তেল ডিপোৰ সমীপৰ নীড় হোটেলৰ সন্মুখত আৰক্ষীৰ বাহনৰ খুন্দাত এগৰাকী মহিলা চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয় ৷ মৃত মহিলাগৰাকী নৰ্থ বইটামাৰী দেৱান গাঁৱৰ মন্দিৰা নাথ(২৮) বুলি পিচত চিনাক্ত কৰা হয় ৷

জানিব পৰা মতে আগন্তুক ২৬ জানুৱাৰী উপলক্ষে বঙাইগাঁও গান্ধী ময়দানলৈ বুলি কুচকাৱাজৰ অনুশীলনত অংশগ্ৰহণৰ বাবে দোলাইগাঁওস্থিত বঙাইগাঁও আৰক্ষী চাউনীৰ পৰা আৰক্ষীৰ দল এটাক কঢ়িয়াই আনি থকা এ এছ ৩০- ২১০৫ নম্বৰৰ বাছখনৰ খুন্দাত মহিলা চাইকেল আৰোহীগৰাকীৰ মৃত্যু হয় ৷ আৰক্ষীৰ বাছখনৰ খুন্দাত চাইকেল আৰোহী মন্দিৰা নাথ পথৰ ওপৰত বাগৰি পৰাত বাছৰ চকা মূৰৰ ওপৰেৰে পাৰ হৈ যোৱাত মহিলাগৰাকী থিতাতে নিহত হয় ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে মৃত মন্দিৰা নাথ বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত ল'ৱাৰ আসাম হাস্পতালত চাফাইকৰ্মী হিচাপে কাম কৰিছিল ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মন্দিৰা নাথে নিজৰ কৰ্তব্যস্থলীৰ পৰা দেৱানগাঁৱৰ নিজ ঘৰলৈ বুলি গৈ আছিল ৷ সদায় চাইকেলেৰে অহা-যোৱা কৰা মৃত মন্দিৰা নাথৰ এটি পুত্ৰ সন্তান আছে ৷ উল্লেখ্য যে প্ৰথম অৱস্থাত মৃত মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাছিল যদিও পিচত পৰিচয় ওলায় ৷

ইফালে,দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে যান-বাহন আৰক্ষীয়ে বাছখনৰ লগতে চালকক থানালৈ নিয়ে ৷

Your Comments