কলিয়াবৰৰ হাটবৰৰ শ্ৰৱণী সত্ৰত তাৰকাগৃহৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

Pic
কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু অসম বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত কলিয়াবৰৰ শ্ৰৱণী সত্ৰত ১৭ জানুৱাৰীত মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰে।২০ কোটি ৩০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা তাৰকা গৃহ, বিজ্ঞান যাদুঘৰ, বিজ্ঞান উদ‍্যানৰ লগতে এটি অত্যাধুনিক সভাকক্ষ স্থাপন কৰা হ'ব কলিয়াবৰত। প্ৰায় ২বছৰৰ ভিতৰত নিৰ্মাণ হৈ উঠিব তাৰকা গৃহ, বিজ্ঞান যাদুঘৰ, বিজ্ঞান উদ‍্যানৰ লগতে এটি অত্যাধুনিক সভাকক্ষ। আধাৰশিলা স্থাপন অনুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগিতা¸বিজ্ঞান আৰ্হি প্ৰদৰ্শনৰ লগতে তাৰকাগৃহৰ ভ্ৰাম্যমান প্ৰদৰ্শন প্ৰদৰ্শিত কৰে। দুখনকৈ ভ্ৰাম্যমান বিজ্ঞান তথ্য সম্বলিত বাছৰ যোগেদি শিক্ষাৰ্থীসকলৰ বাবে প্ৰদৰ্শন কৰে আধাৰশিলা অনুষ্ঠানত।

বন্তি প্ৰজ্বলন আৰু আধাৰশিলাৰ ফলক উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই। অনুষ্ঠানত উপস্থিত থাকে বিতোপন নেওগ(অতিৰিক্ত উপায়ুক্ত আৰু ভাৰপ্ৰাপ্ত মহকুমাধিপতি,কলিয়াবৰ),কিমনী চাংছান,(যুটীয়া সচিব,বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ,অসম চৰকাৰ তথা সঞ্চালক,অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ)ওমৰ আলী বাদছাহ(যুটীয়া সচিব,বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ,অসম চৰকাৰ),বাসুদেৱ মণ্ডল(প্ৰকল্প সমন্বয়ক,আঞ্চলিক বিজ্ঞান কেন্দ্ৰ,গুৱাহাটী),ড‌: চন্দ্ৰ বৰুৱা(বৈজ্ঞানিক বিষয়া,অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ),আশা বৰদলৈ(বিশিষ্ট অভিনেত্ৰী)।

Your Comments