নগাঁৱৰ কচুৱাত অসম জাতীয় পৰিষদৰ গণ সমাৱেশত লুৰীণজ্যোতি গগৈ

Pic

*স্বৰ্ণ শিল্পী উৎপল বনিয়াকে ধৰি শতাধিক লোকৰ অসম জাতীয় পৰিষদত যোগদান*

#নগাঁৱৰ পৰা ৱাহিদুদ জামান:

"এইবাৰ অসমত একমাত্ৰ জাতীয়তাবাদী চৰকাৰ গঠন হ'ব। সাম্প্ৰদায়িকতা আৰু হিন্দু-মুছলমানৰ ৰাজনীতি শেষ কৰি সমাজখনক নতুন বাটৰে আগুৱাই নিবলৈ আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁঁ।শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা সমন্বয়ৰ আদৰ্শ অসমৰ মানুহৰ বাবে শক্তি হওক,সাহস হওক।"-এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।১৬ জানুৱাৰীত অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৰহা সমষ্টি সমিতিৰ সহযোগত কচুৱা তিনিআলিত অনুষ্ঠিত এখন যোগদান সভাত অংশগ্ৰহণ কৰি গগৈয়ে কয়-"'কা' ৰ বিৰুদ্ধে ভোট দিয়া নাছিল বদৰউদ্দিন আজমলে। বিজেপি আৰু এআইইউডিএফ দুয়োটাই সাম্প্ৰদায়িক দল।দুই সাম্প্ৰদায়িক দলৰ ভিতৰুৱা মিলন আছে।স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি আছে।"

বিজেপিয়ে সমাজখনক ভাগ ভাগ কৰাৰ বাবে উঠি পৰি লাগিছে বুলি মন্তব্য কৰি গগৈয়ে কয়-"যেতিয়াই ৰাইজে বাট-পথ-চিকিৎসাৰ উন্নয়ন,নিৱনুৱা সমস্যা বা কৃষকৰ অধিকাৰৰ কথা কয় তেতিয়াই বিজেপিৰ নেতাসকলে মিঞা মিউজিয়াম,বদৰুদ্দিন আজমলৰ পিচপিনে আৰি থোৱা বেনাৰৰ কথা কয়।এতিয়া অসমত অসমীয়া বুলি পৰিচয় দিবলৈ ভয় হয়।পৰিচয় দিব লাগে হিন্দু-মুছলমান বুলি।কিন্তু আমি যদি অসমৰ স্বাভিমান ৰক্ষা কৰিব লাগে,মূৰ দাঙি জীয়াই থাকিব লাগে,তেন্তে অসমীয়া জাতীয়তাবাদহে অসমত চলিবলৈ দিব লাগিব।

"জাতীয়তাবাদী চৰকাৰ নহ'লে অসমৰ সম্প্ৰীতি থান-বান হৈ যাব বুলি মন্তব্য কৰি লুৰীণজ্যোতি গগৈয়ে কয়-"বিজেপিয়ে আজমলৰ ভয় দেখুৱায়।অসমৰ মাটিৰ পৰা বিজেপি,কংগ্ৰেছ আৰু এআইইউডিএফকো উৎখাত কৰিব লাগিব।অসম জাতীয় পৰিষদৰ চৰকাৰ হ'লে আমি 'কা' বলবৎ হোৱাাত বাধা দিম।'কা' এখন সাম্প্ৰদায়িক আইন। এই আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰি ভোট বেংক তৈয়াৰ কৰিবলৈ বিচাৰিছে বিজেপিয়ে। আমাৰ চৰকাৰ হ'লে নাগৰিকত্ব দিয়াৰ নামত হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰিম । ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা হিন্দু-মুছলমান কোনো বিদেশীৰ বোজা ল'বলৈ আমি প্ৰস্তুত নহয়।

অসম গণ পৰিষদক সমালোচনা কৰি তেওঁ কয়-"অসম গণ পৰিষদ নামটো সংগ্ৰহালয়ত থাকিব।তেওঁলোকৰ নেতা তিনিজনৰ লক্ষ্য কেৱল মাত্ৰ ক্ষমতা,মন্ত্ৰিত্ব।তেওঁলোকৰ কথা আলোচনা কৰিব নালাগে।গগৈয়ে দিল্লীৰ চকুত চকু থৈ কথা কোৱা অসমৰ স্বাভিমান,ৰাজনৈতিক-সামাজিক অধিকাৰ ৰক্ষা কৰা চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান জনায়।উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ৰহাৰ পৰা পৰিষদৰ কৰ্মীসকলে মটৰ চাইকেলৰ সমদল কৰি আদৰি আনে।

Pic

উক্ত সভাখনতে অসমীয়া গহনাক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া বিশিষ্ট স্বৰ্ণ শিল্পী তথা যুৱ ব্যৱসায়ী উৎপল বনিয়াৰ লগতে বিভিন্ন দলৰ পৰা শতাধিক কৰ্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে।অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া চমছেৰ সিঙে সভাপতিত্ব কৰা সভাখনত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা,প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, যুটীয়া সম্পাদিকা মৈত্ৰয়ী প্ৰিয়দৰ্শিনী,অভিজিৎ কমলপ্ৰিয়া,প্ৰিন্স ফাইজুল হক,দেৱজিৎ চৌধুৰী,আবিদুৰ ৰহমান,উদিপ্ত নাৰায়ণ ৰাজা,কেন্দ্ৰীয় নেতা ৰাণা বৰদলৈ আদি উপস্থিত থাকে।

Your Comments