জনসাধাৰণক চাইকেল চলোৱাৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যেৰে শিৱসাগৰ চাইক্লিং ক্লাবৰ বিশেষ ৰেলী

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ চাইক্লিং ক্লাবৰ কেইবাজনো সদস্যই শনিবাৰে পুৱা শিৱসাগৰৰ পৰা মাজুলীলৈ চাইকেল চলাই এটা যাত্ৰা আৰম্ভ কৰে। 

ঐতিহাসিক শিৱদ'লৰ পৰা আৰম্ভ কৰা এই চাইকেল ৰেলীৰ দলটোয়ে দেওবাৰে মাজুলীৰ সকলো সত্ৰ চাইকেলেৰে পৰিভ্ৰমণ কৰি সোমবাৰে শিৱসাগৰত উপস্থিত হ'ব। 

উল্লেখ্য যে শিৱসাগৰ চাইক্লিং ক্লাবে বিভিন্ন সময়ত এনে ধৰণৰ চাইকেল ৰেলীৰ জৰিয়তে জনসাধাৰণৰ মাজত চাইক্লিঙৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ চেষ্টা কৰি আহিছে।ইয়াৰ পূৰ্বে দলটোৱে নাহৰকটীয়া,বগীবিল আদিকে ধৰি বিভিন্ন স্থানলৈ চাইক্লিং কৰিছে। 

শিৱসাগৰ চাইক্লিং ক্লাবৰ এই দলটোৱে অহা বছৰ চাইকেল চলাই লাডাখলৈ যোৱাৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে।

Your Comments