৩০/১০ৰ বিস্ফোৰণত নিহতসকললৈ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি 

Sibsagar

২০০৮ চনৰ ৩০ অক্টোবৰৰ ক'লা দিনটোতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ।

উগ্ৰপন্থীৰ এই ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত হোৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰি শুকুৰবাৰে সন্ধিয়া শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

Sibsagar

শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জীপম বৰাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা,জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক এনামউদ্দিন আহমেদৰ লগতে জিলা ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত থাকি নিহতসকললৈ শ্ৰদ্ধা নিবেদন কৰে ।

আনহাতে,শিৱসাগৰ দৌলমুখ চাৰিআলিস্থিত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত 'ঐক্য সেনা,অসম'ৰ শিৱসাগৰ জিলা সমিতিয়ে ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Your Comments