শিৱসাগৰত মংগলা মাতাজীৰ জন্ম উৎসৱ উপলক্ষে দৰিদ্ৰ লোকৰ মাজত ভোজন আৰু মাস্ক বিতৰণ 

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

নতুন দিল্লীৰ 'হন্স ফাউণ্ডেচন'ৰ উদ্যোগত আৰু শিৱসাগৰৰ 'নৱজাগৰণ সমবায় সমিতি'ৰ সহযোগত বৃহস্পতিবাৰে মংগলা মাতাজীৰ জন্ম উৎসৱৰ লগত সংগতি ৰাখি শিৱসাগৰ চহৰৰ দুখীয়া লোকৰ মাজত ভোজন আৰু মাস্ক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Sibsagar

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত কভি'ড-১৯ৰ সকলো নীতি-নিৰ্দেশনা মানি ৰূপায়ণ কৰা এই ভোজন আৰু মাস্ক বিতৰণ অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে।

সংস্থাৰ বিষয়ববীয়াসকলে শিৱসাগৰ চহৰৰ লগতে আন কেইবাখনো গাঁৱৰ প্ৰায় এহাজাৰমান দুখীয়া পৰিয়ালৰ মাজত ভোজন আৰু মাস্ক বিতৰণ কৰে। 

উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে সহযোগ কৰে ক্ৰমে কমলেশ্বৰ শইকীয়া(জিলা সংঘচালক,ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ),ললিত চন্দ্ৰ বৰা(সহায়ক পঞ্জীয়ক,সমবায়সমূহ, শিৱসাগৰ),ৰাজু মিত্তল (হন্স ফাউনণ্ডেচন,তিনিচুকীয়া),সজল দাস(জিলা কাৰ্যবাহ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তিনিচুকীয়া),ৰৌচন ভৰদ্বাজে (তিনিচুকীয়া)।নৱজাগৰন বহুমুখী সমবায় সমিতিৰ হৈ ক্ৰমে ভাস্কৰ কুমাৰ দাস,প্ৰাঞ্জল দাস,মানৱ জ্যেতি আদিত্য,দাদুমণি বড়া,ভাস্কৰ জ্যেতি দাস,যতি ভূষন দাস,জ্যোতিকা দাস,লাকি দাস, চিমু দাস, পংকজ দাস, সুমন্ত দাস, প্ৰাগজ্যেতিষ দাস,ধৰ্মকান্ত দাস,বিকাশ দাস,উৎপল দাস,প্ৰণৱ দাস আদিয়ে সহযোগিতা আগবঢ়ায়।শ্ৰদ্ধাৰ মঙ্গলা মাতাজীৰ জন্ম উৎসৱ উপলক্ষে হন্স ফাউণ্ডেচনৰ এনে পদক্ষেপৰ সচেতন মহলে শলাগ লৈছে।

Your Comments