নলবাৰীত এজেপিত শতাধিক লোকৰ যোগদান

Axom Jatiya Parisad

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৯ অক্টোবৰঃ 

বৃহস্পতিবাৰে নলবাৰীত অসম জাতীয় পৰিষদৰ এক বিশাল ৰেলীয়ে বিধায়ক অশোক শৰ্মাৰ ভেটিত কঁপনি তোলে।
ঘগ্ৰাপাৰৰ পৰা নলবাৰীলৈ বাইক ৰেলীৰে জাতীয় পৰিষদৰ সদস্যসকলে আদৰি আনে কেন্দ্ৰীয় নেতৃত্বক।ইয়াৰ পিছতে নলবাৰীৰ শংকৰদেৱ বিবাহ ভৱনত অনুষ্ঠিত হয় যোগদান সমাৰোহ।নগেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা,আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰী, অদীপ ফুকন,ডঃ শিখৰ শৰ্মা,অমল ডেকা আদিয়ে ভাষণ দি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।নেতাসকলে ২০২১ চনত অসমত বিজেপিক ৰাইজে পুলিয়ে-পোখাই উভালি পেলাব বুলি মন্তব্য কৰে।ইফালে জগদীশ ভূঞাই কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে ১২৬ টা বিধানসভা সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী বাচনি কৰি নিৰ্বাচনত অৱতীৰ্ণ হব।তেওঁ উল্লেখ কৰে যে আজমল আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি আৰু সিপঠি।এই সভাতে এজে পিৰ নলবাৰী নগৰ সমিতিখনো গঠন হয়।আজিৰ সভাতেই শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে।

Your Comments