ঘগ্ৰাপাৰৰ দতৰাত বিধায়ক অশোক শৰ্মাই একেদিনাই শুভাৰম্ভ কৰিলে ৬ টা আঁচনিৰ

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৯ অক্টোবৰঃ

নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অধীনষ্ঠ ১২ নং দতৰা গাঁও পঞ্চায়তত  বৃহস্পতিবাৰে বিধায়ক অশোক শৰ্মাই ৬ টাকৈ আঁচনিৰ শুভাৰম্ভ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে।বিধায়কগৰাকীয়ে আজি চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত ধনৰে পঞ্চায়তখনৰ অন্তৰ্গত আমৰা শিৱ মন্দিৰৰ চাৰিবেৰ নিৰ্মাণ,দতৰা দলৈপাৰা চুবুৰীৰ শিৱ মন্দিৰৰ উন্নয়নৰ,কঠোৰা উদয়পুৰ চুবুৰীৰ গোপাল মন্দিৰৰ পুনৰ নিৰ্মাণ,শিলপোতাবৰী ৰাজহুৱা শ্মশানৰ পকীবেৰ,গুৱাকুছি গোপাল মন্দিৰৰ চাৰিবেৰ আৰু বিধায়ক পুঁজিৰ আনটাইড ফান্দৰ অধীনত ১৫ লাখ টকা ব‍্যয় সাপেক্ষে নিৰ্মাণ হ'বলগা শিলপোতাবৰী গোপাল মন্দিৰৰ অতিথিশালাৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে। আঁচনিকেইটাৰ শুভাৰম্ভণি কৰি বিধায়ক অশোক শৰ্মাই শিলপোতাবৰী গোপাল মন্দিৰৰ বাকৰিত অনুষ্ঠিত হোৱা সভাখনত ভাষণ প্ৰসংগত কেন্দ্ৰ-ৰাজ‍্য চৰকাৰে গ্ৰামাঞ্চলৰ হকে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি উল্লেখ কৰে।লগতে আঁচনিকেইখনৰ ৰূপায়ণত যাতে কোনো দুৰ্নীতি-অনিয়ম সংঘটিত নহয়,তাৰ বাবে ৰাইজক তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনায়।আজিৰ এই কাৰ্য্যসূচীত বিধায়কগৰাকীক সংগ দিয়ে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মনোজ ডেকা,বিজয় বৰ্মন,প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ডেকা,মণ্ডল প্ৰভাৰী মৃনাল শৰ্মা,পঞ্চায়ত প্ৰভাৰী শ‍্যামন্ত শৰ্মা,মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হিমাংগ দাস,দতৰা গাঁও পঞ্চায়তৰ সচিব গনেশ কলিতা আদিয়ে।

Your Comments