শিৱসাগৰত স্থাপন হ'বলগীয়া 'আইকণিক ছাইট মিউজিয়াম'ৰ ভূমি হস্তান্তৰ

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

অসম চৰকাৰৰ জলসম্পদ,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা,তথ্য প্ৰযুক্তি আৰু প্ৰত্নতত্ব বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত বৃহস্পতিবাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা মৰ্মে শিৱসাগৰৰ নিৰ্মাণ হ'বলগীয়া 'আইকণিক ছাইট মিউজিয়াম'ৰ বাবে স্থানীয় ৰূপহী পথাৰত ১৫ বিঘা ভূমি ৰাজ্যিক প্ৰত্নতত্ব বিভাগক হস্তান্তৰ কৰে।

চলিত বছৰৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে অসমকে ধৰি দেশৰ পাঁচখন ৰাজ্যৰ পাঁচখন ঠাই আইকণিক ছাইটৰূপে ঘোষণা কৰি প্ৰতি ঠাইতে একোটাকৈ উন্নত মানৰ মিউজিয়াম স্থাপনৰ ঘোষণা কৰিছিল।উত্তৰ প্ৰদেশ, গুজৰাট, হাৰিয়ানা, তামিলনাডু আৰু অসমৰ পাঁচ প্ৰান্তত নিৰ্মাণ কৰিবলৈ লোৱা এই মিউজিয়ামৰ বাবে অসমৰ শিৱসাগৰ জিলাক নিৰ্বাচিত কৰা হয়।ছশ বছৰীয়া আহোম ৰাজত্বৰ কেন্দ্ৰ তথা বহু ঐতিহাসিক সমলেৰে সমৃদ্ধ শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ ৰূপহী পথাৰত উক্ত মিউজিয়াম নিৰ্মাণৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে ১৫ বিঘা মাটি প্ৰত্নতত্ব বিভাগক প্ৰদান কৰিবলৈ নিৰ্বাচন কৰিছিল।আহোম ৰাজত্বৰ লগতে অসমৰ প্ৰত্নতাত্বিক সমলসমূহৰ সংৰক্ষণ আৰু গৱেষণা তথা কলা-সংস্কৃতিৰ সংবৰ্ধনৰ দিশত এই মিউজিয়াম ৰাজ্যখনৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।উক্ত মিউজিয়ামৰ বাবে ভূমি লাভৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত নিৰ্মাণ পৰিকল্পনা অচিৰেই আৰম্ভ কৰা হ'ব বুলি প্ৰত্নতত্ব বিভাগৰ শীৰ্ষ বিষয়াই অৱগত কৰে। 

আজিৰ ভূমি হস্তান্তৰ অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈ,অতিৰিক্ত উপায়ুক্ত দীপক ভূঞা,ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ উপ সঞ্চালক নৱজিৎ দেউৰী, কাৰিকৰী বিষয়া চাবিনা হাছান,সংৰক্ষণ বিষয়া কংকণ জ্যোতি শইকীয়া,শিৱসাগৰৰ ৰাজহ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি ৰাজবংশী, সমাজ সেৱিকা সুৰভী ৰাজকুঁৱৰী আদি উপস্থিত থাকে।

ভূমি হস্তান্তৰ অনুষ্ঠানৰ পিছত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু উপায়ুক্ত লক্ষীনন্দন গগৈৰ সৈতে প্ৰত্নতত্ব বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ঐতিহাসিক ন'পুখুৰী পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে অহা ১৯ নৱেম্বৰত ন'পুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া 'বিশ্ব ঐতিহ্য সপ্তাহ'ৰ কেন্দ্ৰীয় কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব।

Your Comments