সেউজ শক্তিৰ দিশে ধাৱমান বঙাইগাঁও জিলা

Bongaigaon

*'পোহৰ' প্ৰকল্পৰ অধীনত বঙাইগাঁও জিলাৰ পদপথত মুঠ ১০০০ সৌৰশক্তি চালিত লাইটৰ ব্যৱস্থাৰ পৰিকল্পনা*

#বঙাইগাঁঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা:

'বিশ্ব শক্তি দিৱস'ৰ সৈতে সংগতি ৰাখি বঙাইগাঁও জিলাক সেউজ আৰু পৰিৱেশ-অনুকূল শক্তিৰ দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে বঙাইগাঁও জিলাৰ পদপথত অচিৰেই ১০০০ সৌৰ শক্তি চালিত লাইটৰ ব্যৱস্থা কৰাৰ এক পৰিকল্পনা হাতত লোৱা হৈছে ৷ ইয়াৰে ৯০০ লাইট বঙাইগাঁও পৌৰ সভাৰ অধীনষ্ঠ এলেকাত আৰু বাকী ১০০ অভয়পুৰীত সংযোজন কৰা হ'ব। প্ৰথম পৰ্য্যায়ত ৩০০ সৌৰশক্তি চালিত লাইট শ্বহীদবেদীৰ পৰা চাপাগুৰিলৈ ৰাজ্যিক ঘাই পথৰ দুয়ো দিশে স্থাপন কৰা হ'ব।এই সৌৰশক্তি চালিত লাইটৰ ব্যৱস্থা 'পোহৰ' নামৰ প্ৰকল্পৰ অধীনষ্ঠ আৰু জিলা উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়াৰ সৱল নেতৃত্বাধীন বঙাইগাঁও জিলা প্ৰশাসনৰ শক্তি সঞ্চয় তথা নৱীকৰণ কৰিব পৰা শক্তি বৃদ্ধিৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ। বিশ্ব শক্তি দিৱস তথা শাৰদীয় দুৰ্গোৎসৱৰ এই সন্ধিক্ষনত জিলা উপায়ুক্তৰ তৰফৰ পৰা সৌৰ শক্তি চালিত লাইটৰ ব্যৱস্থা বঙাইগাঁওবাসী ৰাইজলৈ এক বিশেষ উপহাৰ। সৌৰ শক্তি চালিত লাইটৰ ব্যৱস্থা সচৰাচৰ ব্যৱহৃত বিজুলী বাতিৰ ঠাইত এক সেউজ আৰু পৰিৱেশ-অনুকূল বিকল্প ব্যৱস্থা।এই লাইটৰ বেটাৰীসমূহত দিনৰ ভাগত সূৰ্য্যৰ পৰা অহা ৰশ্মিৰ যোগেদি শক্তি সংগৃহীত হয়।এই বেটাৰীসমূহ সম্পূৰ্ণৰূপে ৰি'চাইকেল কৰিব পাৰি।কোনো বেলেগ শক্তিৰ প্ৰয়োজন অবিহনেই এই ব্যৱস্থা কাৰ্যক্ষম হৈ থাকিব।এই সৌৰ শক্তি চালিত লাইটৰ ব্যৱহাৰত কোনো ধৰণৰ চোৱাচিতাৰ খৰছ, বিদ্যুৎ শক্তিৰ খৰছ আদি নাথাকে তথা এই ব্যৱস্থাই গোলকীয় উষ্ণতাৰ ওপৰতো কোনো বিৰূপ প্ৰভাৱ নেপেলায়।

 

Your Comments