অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনাৰ বিৰুদ্ধে আম আদমী পাৰ্টী,অসমৰ প্ৰতিবাদ।সমগ্ৰ ঘটনাৰ চিবিআই তদন্তৰ দাবী 'আপ'ৰ।
গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত সাব্যস্ত কৰা হয় প্ৰতিবাদ।এছআই কেলেংকাৰীৰ চৰকাৰে কৰা তদন্তত সুখী নহয় আপ।"তদন্তৰ নামত কেইটামান দালাল আৰু ফাদিল হোৱা প্ৰশ্ন কাকত লাভ কৰা একাংশ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰি চৰকাৰে বা: বা: লোৱাৰ অপচেষ্টা কৰাৰ সময়তে কেলেংকাৰীৰ মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত ডি আই জি প্ৰশান্ত কুমাৰ দত্তই আত্মগোপন কৰিবলৈ সক্ষম হোৱা ঘটনাই এই তদন্ত যে ভেকোভাওনাত পৰিণত হৈছে তাকে প্ৰতীয়মান কৰিছে"।এই গুৰুতৰ অভিযোগ আপৰ ৰাজ্যিক সমন্বয়ক ডঃ ভৱেন চৌধুৰীৰ।
কেলেংকাৰীত শাসকীয় দলৰ বিয়াগোম নেতা,আৰক্ষীৰ বিষয়াও জড়িত হৈ আছে।চিবিআইক দিলেহে তদন্ত সঠিক দিশত আগবাঢ়িব।লগতে পৰীক্ষাৰ লগত জড়িত এমেইন টেক আৰু অক্ষয় টেলিকমিউনিকেচনক তদন্তৰ আওঁঁতালৈ আনিব লাগে বুলি চৌধুৰীয়ে লগতে কয়।
সমগ্ৰ ঘটনাৰে চিবিআইৰ তদন্তৰ দাবী জনাই ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে।
- Log in to post comments
- 36 views