"বিজেপি চৰকাৰৰ দিনত কোনো এটা নিযুক্তি দুৰ্নীতিমুক্ত হোৱা নাই"-ৰিপুন বৰা

Press Meet

*ৰিপুন বৰা-অজিত কুমাৰ ভূঞাৰ যৌথ সংবাদমেল*

"এছআই নিযুক্তিৰ তদন্তৰ সময়চোৱাত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ লাগে"

গুৱাহাটী প্ৰেছ ক্লাবত বিজেপিৰ বিৰুদ্ধে সংবাদমেল।বৃহস্পতিবাৰে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,ৰাজ্যসভাৰ নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞাৰ যৌথ সংবাদমেল।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়- "টকাৰ বিনিময়ত দুৰ্নীতিৰে চাকৰি দিয়াটো গৌন।আচল উদ্দেশ্য হৈছে প্ৰশাসনৰ দিশটো আৰএছএছৰ নিজৰ অধীনত ৰখা।"

"ঘটনাৰ তদন্ত চিআইডি বা ক্ৰাইম ব্ৰান্সৰ জড়িয়তে কেতিয়া নিৰপেক্ষ হ'বলৈ নোৱাৰে।কাৰণ সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জড়িত হৈ আছে।আৰক্ষী বিষয়াৰ বিৰুদ্ধে  আৰক্ষীয়ে কৰা তদন্ত কেনেকৈ নিৰপেক্ষ হ'ব"-গুৰুতৰ অভিযোগ বৰাৰ।"ঘটনাৰ তদন্ত উচ্চ ন্যায়ালয়ত কৰ্তব্যৰত এগৰাকী ন্যায়াধীশৰ জড়িয়তে হ'ব লাগে।লগতে তদন্তৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে।"লগতে তেওঁ কয়।

ঘটনাৰে জড়িত মূল অভিযুক্ত দ্বিবন ডেকাক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীক ধন্যবাদ জনাই বৰাই মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই আৰু মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰে জড়িত মূল অভিযুক্ত দ্বিবন ডেকা বিজেপিৰ সদস্য নহয় বুলি কৰা মন্তব্যক অতি লজ্জাজনক বুলি উল্লেখ কৰে ।তেওঁ কয়-"পাঁচ বছৰৰ আগতে বিজপিলৈ যোৱা হিমন্তই বিজেপি কাৰ্যালয়ত ৬ বছৰে দ্বিবন ডেকাক দেখা নাই বুলি কেনেকৈ ক'বলৈ পাৰিলে?"

উল্লেখ যে ২০১১চনত বিজেপিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল দ্বিবন।

সংবাদমেলত বৰাই কয়-"বিজেপি চৰকাৰৰ দিনত কোনো এটা নিযুক্তি দুৰ্নীতিমুক্ত হোৱা নাই।"

Your Comments