প্ৰদেশ কংগ্ৰেছৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী:অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদ

কংগ্ৰেছ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ।ৰাজ্যিক কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ আহ্বানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবীৰে 'দিছপুৰ ঘেৰাও' কাৰ্যসূচী ৰূপায়ণ কৰে।দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা উলিওৱা হয় প্ৰতিবাদ কাৰ্যসূচী।কংগ্ৰেছৰ দাবী এছআই কেলেংকাৰীৰ তদন্ত নিৰপেক্ষ হ'বলৈ চিবিআই বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত হ'ব লাগিব।চিআইডি-অসম আৰক্ষীয়ে এটা সীমাবদ্ধতাত থাকি কৰিব লাগিব তদন্ত।সেয়া হলে নিৰপেক্ষ তদন্ত হ'বলৈ নোৱাৰে।নিবনুৱাক ন্যায় প্ৰদানৰ বাবে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে বুলিও অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই দাবী কৰে।

কংগ্ৰেছ

দিছপুৰ ঘেৰাও কাৰ্যসূচীত আৰক্ষীয়ে কংগ্ৰেছ কর্মীসকলক মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সতে আৱদ্ধ কৰি ৰাখে।পিছত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়।একাংশ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগতে যুৱ কংগ্ৰেছৰ সদস্যসকল প্ৰতিবাদত উপস্থিত থাকে।

Your Comments