অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা সন্দৰ্ভত উন্মোচিত হৈছে নতুন নতুন তথ্য।চিআইডিৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।২০ ছেপ্টেম্বৰ নহয়,টকা দিয়া প্ৰাৰ্থীৰ বাবে ১৯ ছেপ্টেম্বৰতেই অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।গুৱাহাটীৰ গণেশগুৰিৰ থেংক ইউ ল’জত ১৯ ছেপ্টেম্বৰত ধনৰ বিনিময়ত চাকৰি দিয়া চক্ৰটোৱে একাংশ প্ৰাৰ্থীক লৈ অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষা।২০ছেপ্টেম্বৰৰ পূৰ্বে অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৩০ জন প্ৰাৰ্থীৰ এডমিট কাৰ্ড চিআইডিয়ে উদ্ধাৰ কৰিছে ল’জটোৰ পৰা। হাতে লিখা প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হৈছিল পৰীক্ষা।চিআইডিয়ে জব্দ কৰিছে তাৰ প্ৰতিলিপি। উল্লেখ বামুন্দীৰ পৰা কুশল দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত চিআইডিয়ে গনেশগুৰিৰ উক্ত ল’জটোত আৰম্ভ কৰিছিল অভিযান। গণেশগুৰিৰ ল'জৰ অভিযানৰ পিছতে নুনমাটিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জীৱ শৰ্মা নামৰ এজন অভিযুক্তক। ইফালে,সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ল'জটোৰ মালিকক চিআইডিৰ এটা দলে জেৰা অব্যাহত ৰাখিছে।ল'জটোৰ।চাৰিগৰাকী মালিক হৈছে অলকেশ বৈশ্য,প্ৰাঞ্জল শৰ্মা,বিমল থাপা,প্ৰণৱ বৰা। উল্লেখ যে ধনৰ বিনিময়ত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে গণেশগুৰিৰ থেংক ইউ ল’জত পতা এছআইৰ লিখিত পৰীক্ষাত এটা বৃহৎ দুষ্ট চক্ৰৰ হাত থকাটো প্ৰায় নিশ্চিত হৈছে।সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে পাঁচজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৪ জনক আটক কৰিছে।
- Log in to post comments
- 45 views