বঙাইগাঁৱত চিপিআই(এম)ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ 

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

দেশৰ সংবিধান ৰক্ষা কৰা,সীতাৰাম য়েচুৰী,যোগেন্দ্ৰ যাদৱ, জয়ন্তী ঘোষ প্ৰমুখ্যে ৰাজনৈতিক নেতা,বুদ্ধিজীৱীৰ বিৰুদ্ধে মিছা গোচৰ জাপি দিয়াৰ ষড়যন্ত্ৰ বন্ধ কৰা আৰু লকডাউনত বিপৰ্যস্ত লোকসকলৰ বাবে সকলো সাহায্য নিশ্চিত কৰাৰ দাবীত সোমবাৰে চিপিআই (এম)য়ে আহ্বান জনোৱা সৰ্বভাৰতীয় প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁৱতো দলটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চি পি আই (এম)ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত চহৰখনৰ মায়াপুৰী তিনিআলিত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে দেশৰ সংবিধান ৰক্ষা কৰক , ফেচিষ্ট নৰেন্দ্ৰ মোডী দূৰ হাতো, লকডাউনত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য দিয়ক আদি বিভিন্ন  শ্লোগানো দিয়ে ৷ ইফালে,প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বঙাইগাঁও জিলা চি পি আই (এম)ৰ সম্পাদক পৰিমল চক্ৰৱৰ্তীয়ে কয় যে আমাৰ দেশৰ যি ধৰ্ম নিৰপেক্ষ সংবিধান, আমাৰ দেশৰ যি ঐক্য-সংহতি,তাক বিনষ্ট কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে আজি বিজেপি চৰকাৰে সংবিধানক উলংঘা কৰিবলৈ বিচাৰিছে।দেশৰ মানুহৰ গণতান্ত্ৰিক অধিকাৰকো তেওঁলোকে হৰণ কৰিবলৈ বিচাৰিছে ৷ ইতিমধ্যে সংবাদ পত্ৰত প্ৰকাশ পাইছে আৰু সকলোৱে দেখিছে যে আমাৰ দলে নাগৰিকত্ব সংশোধনী যিখন আইন,এই আইনখনৰ আমি তীব্ৰ বিৰোধিতা কৰিছো ৷ এই আইনখন সংবিধান বিৰোধী আৰু দেশৰ ধৰ্ম নিৰপেক্ষ নীতিৰ বিৰোধী আইন ৷ যোৱা ফেব্ৰুৱাৰী মাহত বিজেপি দলৰ উচতনিত দিল্লীত যি সাম্প্ৰদায়িক পৰিস্থিতিৰ উদ্ভৱ হ'ল তাত বহু নিৰীহ মানুহৰ জীৱন গ'ল,বহুতৰ ক্ষয়-ক্ষতি হ'ল।কিন্তু দিল্লী পুলিচে চক্ৰান্তমূলকভাৱে গণতান্ত্ৰিক আন্দোলনৰ নেতা,দেশৰ সংবিধান ৰক্ষা কৰা আন্দোলনৰ নেতা তথা দেশৰ ধৰ্ম নিৰপেক্ষ আদৰ্শক অক্ষুন্ন ৰখাৰ এজন নেতা সীতাৰাম য়েচুৰীৰ লগতে আন কেইবাগৰাকীও ব্যক্তিৰ নামত মিছা গোচৰ দি দিল্লীৰ ঘটনাৰ সৈতে জড়িত কৰিবলৈ বিচাৰিছে ৷ এয়াই হৈছে বিজেপি চৰকাৰৰ জঘন্য ষড়যন্ত্ৰ , দেশৰ সংবিধান বিৰোধী ষড়যন্ত্ৰ তথা দেশৰ গণতান্ত্ৰিক অধিকাৰ হৰণ কৰাৰ ষড়যন্ত্ৰ ৷ সেয়ে চি পি আই (এম)য়ে বিজেপি চৰকাৰৰ এই জঘন্য ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু যি মিছা গোচৰ জাপি দিছে,সেয়া বন্ধ কৰিবলৈ দাবী জনাইছো ৷ লগতে,নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা যিসকল নেতাক কাৰাৰুদ্ধ কৰি ৰাখিছে,তেওঁলোকক মুকলি কৰি দিবলৈ দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁঁ।প্ৰতিবাদী কাৰ্যসূচীত চি পি আই (এম)ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ নেতা- কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷ 

 

Your Comments