পূব বনভাগ মৌজাৰ মৌজাদাৰ কস্তুৰী দত্ত চৌধুৰীৰ মৃত্যুত ঘগ্ৰাপাৰত শোকৰ ছাঁ 

ঘগ্ৰাপাৰ

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁও নিৱাসী তথা পূব বনভাগ মৌজাৰ মৌজাদাৰ কস্তুৰী দত্ত চৌধুৰীৰ(৬৬) মৃত্যুত সমগ্ৰ ঘগ্ৰাপাৰৰ লগতে মৌজাখনত শোকৰ ছাঁ পৰিছে।জানিব পৰা মতে দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্রান্ত হৈ সোমবাৰৰ নিশা ১০ মান বজাত নিজ বাসগৃহতে মৃত্যু হয়। ৰাজহ চক্ৰটোৰ অন্তৰ্গত ৫২ গাঁৱক সামৰি লোৱা মৌজাখনৰ ব্ৰিটিছৰ দিনৰে পৰা মৌজাদাৰ হিচাবে ক্ৰমাগতভাৱে বিলপাৰ গাঁৱৰ প্ৰয়াত গোলক দত্ত চৌধুৰী,ভোগ দত্ত চৌধুৰী,যোগেন্দ্র দত্ত চৌধুৰী আৰু হৰেন দত্ত চৌধুৰীৰ পিছতে হৰেন্দ্ৰ দত্তৰ সহধৰ্মিনী কস্তুৰী দত্ত চৌধুৰীয়ে ২০১১ চনৰ পৰা মৌজাদাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।সু-চিন্তা আৰু সু-পৰিকল্পনাৰে বিগত দিনসমূহত মৌজাখনক এটা গতিশীল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ উপৰিও চৰকাৰী ৰাজহ সংগ্ৰহ কৰি বিশেষ সুনাম লাভ কৰিবলৈ সক্ষম হৈছিল। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত,মৃদুভাষী আৰু অমায়িক হিচাপে পৰিচিত মৌজাদাৰগৰাকীৰ মৃত্যুত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া,কাৰ্যলয়ৰ কৰ্মচাৰী গোট,নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা,তদানীন্তন চক্ৰ বিষয়া জোনটি ডেকা,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিকুঞ্জ শৰ্মা,সম্পাদক হীৰক জ্যোতি শৰ্মা ঘগ্ৰাপাৰ প্ৰেছ ক্লাব,বড়িগোগ বনভাগ ব্লক কংগ্ৰেছ,বড়িগোগ বনভাগ মণ্ডল বিজেপি,অগপ,চিপিআই(এম),যুৱ-ছাত্র পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি,ঘগ্ৰাপাৰ গাঁওবুঢ়া সন্থা আদিয়ে গভীৰ শোক প্ৰকাশ কৰে।ইফালে,চৌধুৰীৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা হাজৰিকা,ঘগ্ৰাপাৰ প্ৰেছ কাবৰ  সম্পাদক ৰাতুল চন্দ্র ডেকা,ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক মনোহৰী কলিতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক  প্ৰদ্যুত কুমাৰ ভূঞা,প্ৰাক্তন বিধায়ক মদন কলিতা,বিলপাৰ-নাৰিকুছি-নিজখগটা গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি পৱন দত্ত চৌধুৰী,শংকৰ জ‍্যোতি মডাৰ্ণ একাডেমিৰ অধ‍্যক্ষ দিগন্ত তালুকদাৰ আদিয়ে চৌধুৰীৰ গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনায়।চৌধুৰীয়ে মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ,এগৰাকী কন্যা সন্তানৰ লগতে অনেক গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়।মঙলবাৰে দিনৰ১২ বজাত অগণন লোকৰ উপস্থিতিত ৰাজহুৱাভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

Your Comments