ঘৰত বনকৰা শিশু নিৰ্যাতনত অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ মিতালী কোঁৱৰক বৰ্খাস্ত।উচ্চ শিক্ষা সঞ্চালকালয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা বৰ্খাস্ত কৰিছে।
উল্লেখ যে ঘৰত বনকৰা এটি ১২ বছৰীয়া শিশুৰ দেহত গৰম পানী ঢালি নিৰ্যাতন চলোৱা মিতালী আৰু চিকিৎসক স্বামী সিদ্ধিপ্ৰসাদ দেউৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
ইফালে,মহাবিদ্যালয় পৰিচালনা সমিতিয়ে অধ্যক্ষা কোঁৱৰক বৰ্খাস্ত কৰাৰ বাবে প্ৰস্তাৱ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিছিল।
জ্যেষ্ঠতাৰ ভিত্তিত মহাবিদ্যালয়খন পৰিচালনা কৰাৰ বাবে ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তিৰো প্ৰস্তাৱ গ্ৰহণ কৰে সভাই।
- Log in to post comments
- 47 views