"সঠিকভাৱে আগবাঢ়িলে এটা সপ্তাহৰ ভিতৰত নতুন ৰাজনৈতিক দলৰ বীজ অংকুৰিত হ'ব"-দীপাংক নাথ

Aasu

*ৰাজনৈতিক দলে সিদ্ধান্ত ল'ব কাৰ লগত মিত্ৰতা কৰি জাতিক আগবঢ়াই নিব-'আছু' সভাপতি*

"সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত এসপ্তাহৰ ভিতৰত সকলো সম্পূৰ্ণ হ'ব।সকলো সঠিকভাৱে আগবাঢ়িলে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যবাসীয়ে লাভ কৰিব নতুন ৰাজনৈতিক দল"-এই মন্তব্য 'আছু' সভাপতি দীপাংক নাথৰ।

বিশ্ববৰেণ্য গণশিল্পী সুধাকন্ঠ ড:ভূপেন হাজৰিকাৰ দীঘলীপুখুৰীৰ পাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনাই সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয়-"জাতিটোৰ নিৰাপত্তাৰ স্বাৰ্থত পৰিকল্পনা সঠিকভাৱে আগবঢ়াই নিছোঁ।আঞ্চলিকতাবাদী ধাৰাক সঠিকভাৱে আগবঢ়াই নিয়াৰ বাবে আছু বা যুৱ-ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা মাজে-সময়ে কৈ অহা হৈছে।এই গোটেই কথাটোৰ সাকাৰ ৰূপ দিয়াৰ বাবে আগবাঢ়িছোঁ।এটা সপ্তাহৰ ভিতৰত গোটেই বিকল্প শক্তিটোৰ বীজ অংকুৰিত হ'ব।"

ইফালে,কৃষক নেতা অখিল গগৈয়ে সকলো আঞ্চলিকতাবাদী শক্তিক একত্ৰিত হ'বলৈ জনোৱাৰ আহ্বান সন্দৰ্ভত আছু সভাপতি গৰাকীয়ে কয়-"ৰাজনৈতিক শক্তিটো যেতিয়া উদ্ভাৱন হ'ব,তেতিয়া নিশ্চয় চিন্তা-চৰ্চা কৰিব।ৰাজনৈতিক ব্যক্তিয়ে ৰাজনৈতিক ব্যক্তিৰ লগত কথা-বতৰা পাতিব।ৰাজনৈতিক দল যিহেতু গঠন হ'ব,তেওঁলোকে সিদ্ধান্ত ল'ব কাৰ লগত মিত্ৰতা কৰিব।কিদৰে জাতিটোক আগবঢ়াই নিব।"

উল্লেখ যে বিশেষ সূত্ৰৰ খবৰ মতে অহা ১১ ছেপ্টেম্বৰত আছু-যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভত হ'ব পাৰে বৃহৎ ঘোষণা।

Your Comments