*চিত্ৰশিল্পী নীলিম মহন্তৰ ৰং-তুলিকাত প্ৰাণ পালে সুধাকন্ঠই*
সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ আজি ৯৪ সংখ্যক জন্মদিন।ৰাজ্যবাসীৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বিশ্ববৰেণ্য শিল্পীগৰাকীক সহস্ৰজনে সোঁৱৰণ কৰিছে।
১৯২৬ চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ড: ভূপেন হাজৰিকাৰ জন্মদিনত গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধিস্থলীত সোঁৱৰণ কৰা হৈছে জনতাৰ শিল্পীগৰাকীক।অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজন কৰা সুধাকন্ঠৰ জন্মদিনৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী নৱ কুমাৰ দলে,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী,আয়ুক্ত সচিব প্ৰীতম শইকীয়া,শিল্পী সুদক্ষিণা শৰ্মা।
ইফালে,বিশ্ব বৰেণ্য শিল্পীগৰাকীক সন্মান জনাই লখিমপুৰ উদীয়মান চিত্ৰশিল্পী নীলিম মহন্তই ৭.৩০ ঘন্টাত খানাপাৰা উৰণীয়া হেতুৰ তলত ৰং-তুলিকাৰে জীপাল কৰি তুলিছে শিল্পীগৰাকীক।উৰে ৰাতি চিত্ৰশিল্পীগৰাকীয়ে উৰণীয়া সেতুৰ তলত অংকন কৰিলে ড: হাজৰিকাৰ প্ৰতিচ্ছবি।
- Log in to post comments
- 18 views